Local, Vocal, Global

Ganesh Puja :আজি গণেশ পূজা;ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গণেশ মন্দিৰত ভক্তৰ ভিৰ

অভয়াপুৰী,২ফেব্ৰুৱাৰী : আজি গণেশ পূজা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গণেশ মন্দিৰত ভক্তৰ ভিৰ। অভয়াপুৰীৰ লালমাটি-দুৰামাৰীৰ গনেশ মন্দিৰত আজিৰে পৰা আৰম্ভ হ’ল গনেশ পূজা-মহামেলা। গনেশ বন্দনাত মুখৰিত গনেশ মন্দিৰ প্ৰাঙ্গন নামনি অসমৰ অন্যতম বঙাইগাঁও জিলাৰ অভয়াপুৰী সমীপবৰ্তী লালমাটি-দুৰামাৰীস্থ গনেশ মন্দিৰত।

আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে পূজা আৰু মহামেলাৰ। পুৱাৰে পৰা সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে আৰম্ভ হোৱা সিদ্ধিদাতা গনেশ পূজাক কেন্দ্র কৰি উখল -মাখল হৈ পৰিছে গনেশ মন্দিৰ প্ৰাংগণ। সহস্ৰাধিক ভক্ত প্ৰান ৰাইজৰ লানি নিছিগা সোঁতত মুখৰিত হৈ পৰিল ঐতিহাসিক গনেশ মন্দিৰ। প্ৰাচীন ভাস্কৰ্য আৰু স্থাপত্য কলাৰে সমৃদ্ধ ঐতিহাসিক এই পীঠস্থানত গনেশ পূজাৰ সময়ছোৱাত সমাগম ঘটে অগণন ভক্ত আৰু পৰ্যটকৰ(Ganesh Puja)।

উল্লেখ্য যে,নামনি অসমৰ ৰাইজৰ মাজত গভীৰ বিশ্বাস থকা ইতিহাস প্ৰসিদ্ধ এই মন্দিৰটোত প্ৰতি বছৰে মাঘ মাহৰ শুক্ল পক্ষৰ বৰোদা চতুৰ্থী দিনাৰে পৰা পাঁচ ছয়দিনীয়াকৈ আড়ম্বৰপূৰ্ণভাবে আয়োজন কৰা হয় গনেশ পূজা-মহামেলা। এই মহামেলালৈ সমাগম ঘটে কেবা সহস্ৰ ভক্ত প্ৰাণ ৰাইজৰ।

লগতে পঢ়ক :Thieves Arrested from Barpeta:মহানগৰীত বৃহৎ চুৰি চক্ৰ উৎখাত পল্টন বজাৰ আৰক্ষীৰ