Local, Vocal, Global

Watch | Galakey news: পুনৰ বন্ধ হ’ল চেপন – চোনপোৰা পথ

গেলেকী: আজিৰ পৰা প্ৰায় তিনিবছৰ পূৰ্বে চেপন – চোনপোৰা পথত থকা দিচাং নদীৰ দলঙখনেদি যাতায়াত কৰা এখন ডাম্পাৰ গাড়ী দলঙৰ এটা মূৰৰ প্ৰায় ছয় মিটাৰ অংশত খহি পৰাত ডাম্পাৰখন দলঙত ওলমি পৰে । এই ঘটনাৰ সময়ৰ পৰাই এমাহমান সেই পথেদি যান – বাহন চলাচল বন্ধ হৈ পৰে ।

পিছত অ’ এন জি চিয়ে চিঙি পৰা দলঙৰ অংশৰ পৰা পাৰলৈকে লোহাৰে লঘু বাহন চলাচল কৰিব পৰাকৈ নির্মাণ কৰি দিয়ে । চৰকাৰেও তেতিয়াই দলঙখনৰ কাষৰ পৰাই এখন পকী দলঙ নিৰ্মাণৰ বাবে পৰ্যাপ্ত ধন আৱণ্টন দি দলঙ নিৰ্মাণৰ কাম আৰম্ভ কৰে যদিও মাত্ৰ এটা খুটা পুতিয়েই দলঙ নিৰ্মাণৰ কাম স্থবিৰ হৈ পৰে ।

আজি পৰ্যন্ত দলঙখনৰ চাৰিভাগৰ এক অংশও কাম সম্পন্ন হোৱা নাই বিভাগীয় বৰমূৰীয়া আৰু সংশ্লিষ্ট ঠিকাদাৰৰ হেমাহিৰ বাবে । তালি – তোপোলা মাৰি দলঙখনেদি লঘু বাহন চলাচল কৰি আহিছিল যদিও আজি পুনৰ এই দলঙৰ ওপৰেদি যান – বাহন চলাচল বন্ধ হৈ পৰে । দিচাং নদীৰ খহনীয়া আৰু বান নিয়ন্ত্ৰণ ( মঠাউৰি ) বিভাগৰ বৰমূৰীয়া সকলৰ দায়িত্বহীনতাৰ বাবেই আজি দলঙখনৰ এটা মূৰৰ অংশ খহি পৰে । ইয়াৰ ফলত স্থানীয় ৰাইজে খহি পৰা দলঙৰ অংশৰ ওপৰত ডাঙ মাৰি দি যান – বাহন চলাচল বন্ধ কৰি দিবলৈ বাধ্য হয়।

সমষ্টিটোত প্ৰতিনিধিত্ব কৰা বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন আৰু জিলাৰ অভিভাৱক মন্ত্রী ৰনোজ পেগুৱে উক্ত দিচাং নদীৰ দলঙখন তিনিমাহৰ ভিতৰত নিৰ্মাণ সম্পন্ন কৰা হ’ব বুলি জনগণক প্ৰতিশ্ৰুতি দিছিল যদিও আজি প্ৰায় তিনি বছৰ অতিক্ৰম কৰাৰ পিছতো দলঙখন নিৰ্মাণৰ কাম চাৰিভাগৰ এক অংশও সম্পন্ন নোহোৱাত জনগণে ক্ষোভ উজাৰিছে ।

লগতে পঢ়ক: Watch | Hajo news: প্ৰতিদৰা চৰকাৰী ভূমিত এতিয়া মিঞাৰ দপদপনি