Watch | Galakey news: চিঙি পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এজনৰ কৰুণ মৃত্যু
গেলেকী : নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত মঠিয়াছিগা সৌকাজান সত্ৰত আজি পুৱা ভাগতে বিদ্যুৎ বিতৰণ বিভাগৰ চৰম গাফিলতিৰ ফলত অকালতে প্ৰাণ হেৰুৱালে এজন ব্যক্তিয়ে ।
ঘটনা মৰ্মে সৌকাজান সত্ৰত নিশা ভাগতে বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি পৰি আছিল । গুণকান্ত শইকীয়া নামৰ ব্যক্তিজনে পুৱা ৪-৩০ বজাত পথাৰলৈ বুলি ওলাই যাওঁতে পদূলিত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰ ডালত হৰ্থাতে ভৰি পৰাত চিটিকি পৰে । পিতৃৰ ভৰিত বিদ্যুৎ পৰিবাহী তাঁৰ ডাল লাগি ধৰাত এৰোৱাই দিব লোৱাৰ মূহুৰ্ততে দীপক শইকীয়াৰ বুকুত বিদ্যুৎ পৰিবাহী পুৰণি পচা তাঁৰডাল মেৰিয়াই ধৰে । লগে লগে অচেতন হৈ মাটিত ঢলি পৰা দীপক শইকীয়াক সংকটজনক অৱস্থাত জয়সাগৰস্থ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসাৰ পূৰ্বেই দীপক শইকীয়াৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে ।
পিতৃ – মাতৃৰ লগতে দুগৰাকী কন্যা সহ এজন পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ গৈছে । বিদ্যুৎ বিতৰণ কোম্পানীৰ চৰম গাফিলতিৰ বাবে অকালতে প্ৰাণ হেৰুওৱা দীপক শইকীয়াৰ তিনি সন্তানৰ জীৱনৰ দায়িত্ব বহন কৰিবৰ বাবে শক্তি মন্ত্রী প্ৰশান্ত ফুকনৰ লগতে অসম চৰকাৰক স্থানীয় ৰাইজে দাবী জনাইছে ।
লগতে পঢ়ক : Watch | Titabar news: ধান মাফিয়াৰ জালত খেতিয়ক