Local, Vocal, Global

নাগালেণ্ডত ৯ হাজাৰ লোকক বিনামূলীয়া আইনী আৰু স্বাস্থ্য সুবিধা 

ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ অধীনত নাগালেণ্ড ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণে (এন এছ এল এছএ) ন্যায় প্ৰদান ব্যৱস্থাৰ ওপৰত সমগ্ৰ নাগালেণ্ডত এক বৃহৎ শিবিৰৰ আয়োজন কৰে আৰু চৰকাৰৰ বিভিন্ন কল্যানমূলক আঁচনিৰ লাভালাভ বিনামূলীয়াকৈ প্ৰদান কৰে। এই শিবিৰৰ পৰা ১১খন জিলাৰ মুঠ ৯,০৯৬ জন লোক লাভান্বিত হৈছে বুলি এন এছ এল এছ এৰ জনসম্পৰ্ক সহায়ক কেথোলেনো নেহুৱেই কয়। কোহিমা জিলা আইনী সেৱা প্ৰাধিকৰণে (ডি এল এছ এ)চেমিনিউত শিবিৰটো আয়োজন কৰিছিল। কোহিমা বিচাৰপীঠৰ গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হুকাটো চুৱে টেমিনিউ টাউন হলত গৌহাটী উচ্চ ন্যায়ালয়ৰ ইতিহাস, গুৰুত্বপূৰ্ণ স্থান আৰু কাৰ্যকলাপ আৰু আইনী সেৱা প্ৰতিফলিত কৰা ন্যায় প্ৰদান ব্যৱস্থা, ন্যায়িক প্ৰশাসন আৰু আইনী ব্যৱস্থাৰ ওপৰত ৰাজ্যিক পৰ্যায়ৰ প্ৰদৰ্শনী উদ্ধোধন কৰে। মুঠতে ১৫৮১ জন হিতাধিকাৰীয়ে সমাজ কল্যাণ, শ্ৰম, পশু চিকিৎসা, উদ্যান শস্য, স্বাস্থ্য আৰু পৰিয়াল।কল্যাণ বিভাগ, বেংক, শিশু হেল্পলাইন, জেষ্ঠ নাগৰিক হেল্পলাইন, চকু পৰীক্ষা আৰু আধাৰ কাৰ্ডৰ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিছিল