Watch | Free health check-up camp at Jagiroad: জাগীৰোডত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
গুৱাহাটী: কৃষিতা ফাউণ্ডেচনৰ উদ্যোগত, এলকেয়াৰ ডায়েগনষ্টিক আৰু জাগীৰোড প্ৰেছ ক্লাবৰ সহযোগত ৰবিবাৰে আয়োজন কৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ৷ ৰবিবাৰে জাগীৰোডৰ শিশু উদ্যান প্ৰাঙ্গণত আয়োজন কৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটো ৰঙা ফিতা কাটি মুকলি কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড° হৰমোহন কলিতা আৰু তিৱা স্বায়ত্ব পৰিষদৰ চৰকাৰী মনোনীত সদস্য খগেন চন্দ্ৰ দাসে ৷ শিবিৰটো মুকলি কৰি জাগীৰোড প্ৰেছ ক্লাবৰ লগতে উদ্যোক্তা সকলৰ এনে মহান প্ৰচেষ্টাক শলাগ লয় মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড° হৰমোহন কলিতাই ৷
আনহাতে স্বাস্থ্যই পৰম সম্পদ বুলি উল্লেখ কৰি আগন্তুক দিনতো এনে সমাজকল্যাণমূলক কাৰ্যসূচী হাতত লৈ জনসাধাৰণৰ সেৱা কৰি যাবলৈ সকলোকে উৎসাহ যোগায় ৷ শিবিৰটোত উপস্থিত থাকি ঔষধ আৰু ডায়েবেট’লজিষ্ট ডা° কিশোৰ কুমাৰ ঘোষ, স্ত্ৰীৰোগ বিশেষজ্ঞ ডা° অৰুধুতি চৌধুৰী আৰু চেন্টাৰ ফৰ চাইট চকু চিকিৎসালয়ৰ চিকিৎসকৰ লগতে মুঠ ১৫ জনীয়া এটা দলে প্ৰায় এশৰো অধিক বিভিন্ন ৰোগীক চিকিৎসা প্ৰদান কৰে ৷
ৰক্তচাপ, চুগাৰ, কলেষ্ট’ৰেল আদি বিভিন্ন ৰোগৰ পৰীক্ষা কৰা উক্ত শিবিৰটোত উপস্থিত থাকি এলকেয়াৰ ডায়েগনষ্টিকৰ মহাপ্ৰবন্ধক ফৰিদা ফৰিস্তা ৰহমানে আগন্তুক দিনত জাগীৰোড প্ৰেছ ক্লাবৰ উদ্যোগত পুনৰ এনেধৰণৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰাৰ আগ্ৰহ প্ৰকাশ কৰে ৷ লক্ষনীয় বিষয় যে, উক্ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত উপস্থিত হোৱা প্ৰতিগৰাকী ৰোগী তথা আত্মীয়ক একোটাকৈ গছপুলি প্ৰদান কৰা হয় ৷ উক্ত অনুষ্ঠানত জাগীৰোড প্ৰেছ ক্লাবৰ সভাপতি মনোৰঞ্জন মিশ্ৰ, উপ সভাপতি দীপক কলিতা-যুগল কিশোৰ বৰা সম্পাদক পৰমানন্দ ডেকাৰ লগতে অজয় পাল-চানু গগৈ-বিজয় পাল-বিমল জান হাজৰিকা-হিমু বৰা – সমুদ্ৰমনি নেওগ আৰু কৃষিতা ফাউণ্ডেচন আৰু এলকেয়াৰ ডায়েগনষ্টিকৰ জনসম্পৰ্কৰক্ষী বিষয়া ক্ৰমে ৰাতুল শইকীয়া, বুবুল তামুলীৰ লগতে জাগীৰোডৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷