৩জনলৈ বিয়া, গহণাৰ টোপোলা লৈ বাৰে বাৰে পলায় কইনা
অন্ততঃ ৩জনক ৰামঠগন দিলে এগৰাকী যুৱতীয়ে। ৩বাৰকৈ বিবাহ পাশত আৱদ্ধ হৈ বিয়াৰ দুদিনমান পিছতে গহণা-গাথৰি আৰু অন্যান্য মূল্যবান সামগ্ৰী লৈ পলাই যায় এই যুৱতী। কিন্তু মূৰকত এজন প্ৰতাৰিত স্বামীৰ অভিযোগৰ ভিত্তিত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল যুৱতীগৰাকী। ২৭ বছৰীয়া বিজয়া অম্ৰুতে নামৰ মহিলাগৰাকী ঔৰাংগাবাদৰ বাসিন্দা। নাচিকৰ এগৰাকী যুৱক যোগেশ শিৰসাথে আৰক্ষীক অভিযোগ দিছিল যে তেওঁৰ পত্নীয়ে বিয়াৰ ১৫ দিন পিছতে সোণৰ গহণা আৰু অন্যান্য সামগ্ৰী লৈ পলাই গৈছে। কেৱল তেওঁৰ সৈতেই নহয়, আন কেইবাজনকো একেধৰণে প্ৰৱঞ্চনাৰ অভিযোগ তুলিলে যোগেশে। বিজয়াই বিবাহৰ পিছতে পলায়ন কৰাত পত্নীৰ সন্ধান আৰম্ভ কৰে যোগেশে। বিচাৰি ফুৰোতে যোগেশে জানিব পাৰে যে আৰু এজন ব্যক্তিৰ সৈতে একেই প্ৰতাৰণাৰে সোণৰ গহণা লৈ পলাই গৈছে বিজয়া। ইয়াৰ পিছতে পুলিচৰ ওচৰ চাপে যোগেশ। তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে জানিব পাৰে যে যোগেশৰ পিছত সন্দীপ দাৰাদে নামৰ এজন ব্যক্তিৰ সৈতেও বিবাহপাশত আৱদ্ধ হৈছিল বিজয়া আৰু পলাই গৈছিল গহণা গাথৰি লৈ৷ তাৰ পিছত আৰু এজন ব্যক্তিক একেদৰে চলনা কৰি বিয়াত বহাৰ অভিনয় কৰি পলাই যায় বিজয়া। অৱশেষত শনিবাৰে আৰক্ষীয়ে বিজয়াক গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে ৰুজু হৈছে প্ৰতাৰণাৰ গোচৰ।