Local, Vocal, Global

Four Including Three of a Family Killed in Nagaon: বিয়াৰ পূৰ্বে একেটা পৰিয়ালৰ চাৰিজনকৈ লোকক ডিঙি কাটি হত্যা

নিউজ ডেস্ক,২৩নৱেম্বৰ : বুধবাৰে আছিল বিয়াৰ । বিয়াৰ পূৰ্বে ৰাজ্য় কঁপাই যোৱা ঘটনা ।

ৰূপহীহাটৰ গড়াজানত লোমহৰ্ষক হত্যাকাণ্ড।বিয়াৰ পূৰ্বে একেটা পৰিয়ালৰ চাৰিজনকৈ লোকক ঘৰৰ ভিতৰতে নৃশংসভাৱে হত্যা দুৰ্বৃত্তৰ। চোকা অস্ত্ৰৰে চাৰিওজনক হত্যা দুৰ্বৃত্তৰ। ডিঙি কাটি হত্যা কৰে আটাইকেইজন হত্যা দুৰ্বৃত্তৰ।মৃত লোককেইজন হ’ল গুণধৰ সৰকাৰ (৫৮), সুৰধ্বনি সৰকাৰ (৫০), জয়স্মিতা সৰকাৰ (২৩) আৰু এজন প্ৰায় ৩৫ বছৰীয়া অচিনাক্ত যুৱক(Four Including Three of a Family Killed in Nagaon)।

উল্লেখযোগ্য যে গুণধৰ সৰকাৰৰ জ্যেষ্ঠ কন্যা নৱস্মিতা সৰকাৰৰ বুধবাৰে বিয়া। ছায়ইদৰীয়া গাঁৱৰ কুশল সৰকাৰৰ নামৰ যুৱক এজনৰ লগত ঠিক হৈছিল বিয়া। ঘৰত চলি আছিল বিয়াৰ প্ৰস্তুতি। নৱস্মিতা সৰকাৰ নগাঁও টাউনলৈ বিয়াৰ বজাৰ কৰিবলৈ গৈছিল। সেই সময়তে দুৰ্বৃত্তই ঘৰৰ ভিতৰত প্ৰৱেশ কৰি নৱস্মিতাৰ পিতৃ-মাতৃ, ভগ্নী আৰু এজন যুৱকক নৃশংসভাৱে হত্যা কৰে। ইতিমধ্যে নগাঁও আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

কিন্তু কোনে কি কাৰণত সংঘটিত কৰিলে এই হত্যাকাণ্ড? সেয়া এতিয়াও স্পষ্টভাৱে জানিব পৰা হোৱা নাই যদিও প্ৰেমজনিত কাৰণতে এই জঘন্য হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে ৰাইজে।

পৰিয়ালৰ লোকে জনোৱা মতে, প্ৰেমজনিত কাৰণতে এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে।

লগতে পঢ়ক:Sensational incident:দিখৌ দলঙৰ পৰা নদীত জাঁপ দিলে প্ৰেমিক-প্ৰেমিকাই