Local, Vocal, Global

Buddhadeb Bhattacharjee passes away : পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ দেহাৱসান

নিউজ ডেস্ক,৮আগষ্ট : পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ দেহাৱসান। বৃহস্পতিবাৰে পুৱা ৮.২০বজাত পাম এভিনিউৰ বাসগৃহত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ৰাজনীতিকগৰাকীয়ে। দীৰ্ঘদিনীয়া শ্বাস-প্ৰশ্বাসজনিত সমস্য়া ভূগি অসুস্থ হৈ আছিল ৰাজনীতিকগৰাকীয়ে। দীৰ্ঘদিনে অসুস্থতাত ভুগি ভট্টাচাৰ্যৰ ঘৰতে চিকিৎসা চলি আছিল(Former West Bengal CM Buddhadeb Bhattacharya passes away at 80) ৷

মৃত্যুৰ সময়ত পত্নী মীৰা ভট্টাচাৰ্য আৰু পুত্ৰ সুচেতন ভট্টাচাৰ্যক ইহসংসাৰত এৰি থৈ যায় ৷ মৃত্যুৰ সময়ত ভট্টাচাৰ্যৰ বয়স আছিল ৮০ বছৰ । ভট্টাচাৰ্যৰ পুত্ৰ সুচেতনে এই খবৰ ৰাজহুৱা কৰে ৷

জানিব পৰা মতে, মৃত্যুৰ পূৰ্বে দেহদান কৰি থৈ গৈছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে(Buddhadeb Bhattacharjee passes awa) ৷

উল্লেখ্য য়ে, ভট্টাচাৰ্যৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ পিছত তেওঁক যোৱা বছৰ ২৯ জুলাইত শেষবাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তেতিয়াৰে পৰা তেওঁ ঘৰতে আছিল ৷ প্ৰায় এবছৰৰ অন্তত প্ৰবীণ ৰাজনীতিবিদগৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটে ৷

লগতে পঢ়ক :Bangladesh’s interim govt to take oath today : আজি বাংলাদেশত অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ শপত গ্ৰহণ; ন’বেল বিজয়ী মহম্মদ ইউনুছ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা