Local, Vocal, Global

Bangladesh’s interim govt to take oath today : আজি বাংলাদেশত অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ শপত গ্ৰহণ; ন’বেল বিজয়ী মহম্মদ ইউনুছ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা

নিউজ ডেস্ক,৮আগষ্ট : প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ পিচতে আজি বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰৰ শপত গ্ৰহণ ৷ ন’বেল বিজয়ী মহম্মদ ইউনুছ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা। বাংলাদেশৰ সময় অনুসৰি নিশা ৮ বজাত হ’ব শপতগ্ৰহণ অনুষ্ঠান। উপদেষ্টা পৰিষদত ১৫ জন সদস্য থকাৰ সম্ভাৱনা(Bangladesh’s interim govt to take oath today)।

উল্লেখ্য যে, অন্তৱৰ্তীকালীন চৰকাৰখনৰ মুৰব্বী হিচাবে মঙলবাৰে মনোনীত কৰা হৈছিল শান্তিৰ নোবেল বঁটা বিজয়ী অধ্যাপক মহম্মদ ইউনুছক ৷ দেশখনৰ সেনাপ্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে বুধবাৰে ঘোষণা কৰে যে অন্তৱৰ্তীকালীন চৰকাৰখনে বৃহস্পতিবাৰৰ নিশা প্ৰায় ৮ বজাত শপতগ্ৰহণ কৰিব(Members of interim govt led by Nobel laureate Muhammad Yunus to take oath today) ৷

সেনাপ্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে যে অন্তৱৰ্তীকালীন চৰকাৰখনৰ পৰামৰ্শদাতা পৰিষদত ১৫ গৰাকী সদস্য থকাৰ সম্ভাৱনা আছে ৷ জেনেৰেল জামানে কয় যে সশস্ত্ৰ বাহিনীয়ে ইউনুছক সম্ভৱপৰ সকলোধৰণৰ সহযোগিতা কৰিব ৷

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মনোনীত মুৰব্বী মহম্মদ ইউনুছে বুধবাৰে দেশখনৰ জনতাক আহ্বান জনাই যাতে সকলো শান্ত হৈ থকাৰ লগতে সকলোধৰণৰ হিংসাৰ পৰা বিৰত থাকে ৷ কিয়নো শ্বেখ হাছিনা চৰকাৰ ভংগৰ পিচতে দেশখনৰ নিৰাপত্তা দিশটোলৈ বৃহৎ পৰিৱৰ্তন আহে ৷

পেৰিছৰ পৰা স্বদেশলৈ উভতি শাসনৰ দায়িত্ব ল’বলগীয়া ৮৪ বছৰীয়া অৰ্থনীতিবিদজনে নতুন বিজয়ৰ সৰ্বশ্ৰেষ্ঠ ব্যৱহাৰৰ বাবেও সকলোৰে প্ৰতি আহ্বান জনায় ৷ সকলো শিক্ষাৰ্থী, ৰাজনৈতিক দল আৰু অৰাজনৈতিক লোকসকলক শান্ত থাকিবলৈ আহ্বান জনাই মহম্মদ ইউনুছে ৷

লগতে পঢ়ক :Encounter in Goalpara : পুনৰ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা; আৰক্ষীৰ গুলীত গুলীবিদ্ধ ডকাইত