Local, Vocal, Global

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ !

ডিজিটেল ডেস্ক:- আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ।এগৰাকী পৰ্ণ তাৰকাৰে সৈতে গোপনে ধনৰ লেনদেনৰ অভিযোগত গ্ৰেপ্তাৰ ড’নাল্ড ট্ৰাম্প।আমেৰিকাৰ ইতিহাসত অপৰাধমূলক অভিযোগৰ সন্মুখীন হোৱা ড’নাল্ড ট্ৰাম্পই হৈছে প্ৰথমগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি।

৭৬ বছৰীয়া ড’নাল্ড ট্ৰাম্পে ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে ক্ষমতালৈ অহাৰ ক্ষেত্ৰত এগৰাকী পৰ্ণ তাৰকাক ধন পৰিশোধ কৰা গোচৰৰ বাবে এই শুনানি গ্ৰহণ কৰা হৈছে।ৰাষ্ট্ৰপতি গৰাকীৰ লগত অবৈধ সম্পৰ্ক আছিল ট্ৰাম্পে উৎকোচ দিয়া প্ৰাপ্তবয়স্ক ছবিৰ অভিনেত্ৰী ষ্টৰ্মী ডেনিয়েলছৰ ।এই গোচৰত নিউয়ৰ্কৰ মানহাটন আদালতত আত্মসমৰ্পন কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে । গোচৰৰ বিচাৰৰ অগ্ৰগতিৰ লগে লগে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক গ্ৰেপ্তাৰ কৰাতো প্ৰায় নিশ্চিত হৈ পৰিছিল ।অৱশ্যে এই অভিযোগত দোষী সাব্যস্ত নহয় বুলি আশা কৰে ড’নাল্ড ট্ৰাম্পে।

উল্লেখ্য যে, ইয়াৰ আগতে নিউয়ৰ্কৰ এখন আদালতে এই গোচৰটোত প্ৰাক্তন ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰত অনুমোদন জনাইছিল।আৰু সেই গোচৰতে তেওঁ আদালত হাজিৰ হ’বলৈ আহিছিল।তেওঁক যাতে গ্ৰেপ্তাৰ কৰা নহয় তেওঁৰ বহু সংখ্যক সমৰ্থকে আদালতৰ বাহিৰত ভিৰ কৰিছিল।