Local, Vocal, Global

Former TMC Assam President Ripun Bora to Rejoin Congress today : আজি কংগ্ৰেছত যোগদান কৰিব ৰিপুণ বৰাই

নিউজ ডেস্ক,৮ছেপ্তেম্বৰ : পুনৰ কংগ্ৰেছলৈ ৰিপুণ বৰা। আজি কংগ্ৰেছত যোগদান কৰিব ৰিপুণ বৰাই।

দেওবাৰে চৰাইদেউৰ মথুৰাপুৰত অনুষ্ঠিত হ’বলগীয়া প্ৰদেশ কংগ্ৰেছৰ অনুষ্ঠানত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব বৰাই(Assam leader Ripun Bora to rejoin Congress today)।

AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত কংগ্ৰেছত যোগ দিব ৰিপুণ বৰাই। ৰিপুন বৰাৰ পুনৰ যোগদানত ইতিমধ্যে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে অনুমোদন জনোৱা বুলি জানিব পৰা গৈছে।

আজি চৰাইদেউত অনুষ্ঠিত হবলগীয়া প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত মুখ্য অতিথি হিচাপে উপস্থিত থকিব দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং(Former TMC Assam President Ripun Bora to Rejoin Congress today)।

লগতে পঢ়ক : Food poisoning case in Dhemaji : নাম প্ৰসংগৰ বুটমাহ খাই অসুস্থ দুই শতাধিক লোক