Local, Vocal, Global

প্ৰাক্তন আই এছ আই সচিব দুর্ৰাণী ভাৰতীয় গুপ্তচৰ

পাকিস্তান চৰকাৰে নিজৰেই চোৰাংচোৱা সংস্থা ইণ্টাৰ ছার্ভিচেজ ইণ্টেলিজেন্স, চমুকৈ আই এছ আইৰ সচিব পদত অধিষ্ঠিত অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল অসদ দুর্ৰাণীক ভাৰতীয় গুপ্তচৰ বুলি দাবী কৰিছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইছলামাবাদ উচ্চ ন্যায়ালয়ক এক লিখিত উত্তৰত দুর্ৰাণীৰ নাম এক্সিট কন্ট্ৰ’ল লিষ্টৰ পৰা আঁতৰাই নিদিবলৈ জনাইছে। উল্লেখযোগ্য যে এই এক্সিট কন্ট্ৰ’ল লিষ্টৰ জৰিয়তে পাকিস্তান চৰকাৰে যিকোনো সন্দেহজনক নাগৰিকক পাকিস্তানৰ পৰা বাহিৰলৈ যোৱাত বাধা আৰোপ কৰে।

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইছলামাবাদ উচ্চ ন্যায়ালয়ক জনায় যে দুর্ৰাণী ২০০৮ চনৰ পৰাই ভাৰতীয় চোৰাংচোৱা সংস্থা ৰ’ৰ সৈতে সম্পর্কত আছে। সততে অসদ দুর্ৰাণীৰ নাম ভাৰতীয় চোৰাংচোৱা সংস্থা ৰ’ৰ প্ৰাক্তন সচিব এ এছ দুলটৰ সৈতে সংযোজিত কৰা হয়। কিয়নো দুয়োজন প্ৰাক্তন সচিবে একেলগে ”দ্য স্পাই ক্ৰনিকেলঃ ৰ’,” আৰু ”আই এছ আই এণ্ড দ্য ইলিউশ্বন অফ পীচ” নামেৰে দুখন কিতাপ লিখিছিল আৰু দুয়োখন কিতাপেই যথেষ্ট বিতর্কৰ সৃষ্টি কৰিছিল।