Local, Vocal, Global

Former Andhra Pradesh CM Chandrababu Naidu arrested : দক্ষতা বিকাশ নিগমৰ দুৰ্নীতিৰ অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে

নেশ্যনেল ডেস্ক, ১০ছেপ্টেম্বৰ : অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক দেওবাৰে আদালতত হাজিৰ কৰোৱা হয় । দেওবাৰে পুৱা দক্ষতা বিকাশ নিগমৰ কেলেংকাৰী সন্দৰ্ভত বিজয়ৱাড়াৰ দুৰ্নীতি বিৰোধী ব্যুৰ’ (এচিবি) আদালতত হাজিৰ কৰোৱা হয়(Former Andhra Pradesh CM Chandrababu Naidu arrested)।

গ্ৰেপ্তাৰ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে আদালতত হাজিৰ কৰোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক । শনিবাৰে অন্ধ্ৰ প্ৰদেশৰ নন্দিয়ালাত গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক । তাৰ পিছত তেওঁক চিকিৎসা পৰীক্ষাৰ বাবে বিজয়ৱাড়া চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । চিকিৎসা কৰাৰ পিছত তেওঁক এছআইটি কাৰ্যালয়লৈ লৈ যোৱা হয় ।

জানিব পৰা অনুসৰি দক্ষতা বিকাশ দুৰ্নীতিৰ অভিযোগ আছে চন্দ্রবাবুৰ ওপৰত। নাইডুৰ বিৰুদ্ধে বিগত সময়ত দক্ষতা বিকাশৰ দুৰ্নীতিৰ গোচৰৰ তদন্ত চলি আছিল। এই গোচৰ অনুসৰি ২৫০ কোটিটকীয়া কেলেংকাৰীৰ অভিযোগ আছে নাইডুৰ বিৰুদ্ধে(Ex CM N Chandrababu Naidu Arrested in Skill Development Scam Case) ।

উল্লেখ্য যে, শনিবাৰে পুৱতি নিশা অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ কৰিছিল CID (Chandrababu Naidu former Andhra CM arrested in skill development scam case) ৷ কোটিটকীয়া কেলেংকাৰীৰ অভিযোগত CID য়ে গ্রেপ্তাৰ কৰিছিল নেতাগৰাকীক।

বিষয়াসকলৰ মতে, এই গোচৰটো অন্ধ্ৰপ্ৰদেশত উৎকৰ্ষ কেন্দ্ৰৰ (চি.ও.ই.) গোট স্থাপনৰ লগত জড়িত । যিটো আঁচনিৰ মুঠ আনুমানিক প্ৰকল্প মূল্য ৩৩০০ কোটি টকা ।

সংস্থাটোৰ বিষয়াসকলে দাবী কৰা অনুসৰি কথিত প্ৰৱঞ্চনাটোৰ দ্বাৰা ৰাজ্য চৰকাৰৰ ৩০০ কোটি টকাৰ বৃহৎ ক্ষতি হৈছে ।

চিআইডি বিষয়াসকলে জনোৱা অনুসৰি, চৰকাৰে আগবঢ়োৱা বেছিভাগ ধন ভুৱা চালানৰ জৰিয়তে শ্বেল কোম্পানীলৈ পৰিৱৰ্তন কৰা হৈছিল, ইনভইচত উল্লেখ কৰা সামগ্ৰীবোৰৰ কোনো প্ৰকৃত বিতৰণ বা বিক্ৰী হোৱা নাছিল ।

চিআইডিয়ে উল্লেখ কৰে যে, বৰ্তমানলৈ কৰা অনুসন্ধান অনুসৰি ব্যক্তিগত প্ৰতিষ্ঠানবোৰে ৬ টা দক্ষতা বিকাশ ক্লাষ্টাৰত ব্যয় কৰা মুঠ পৰিমাণ কেৱল অন্ধ্ৰপ্ৰদেশ চৰকাৰ আৰু এপি দক্ষতা বিকাশ কেন্দ্ৰৰ দ্বাৰা আগবঢ়োৱা পুঁজিৰ পৰা আহৰণ কৰা হয় । ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগে লগে দেশৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ।

লগতে পঢ়ক :AP Ex CM arrested : গ্ৰেপ্তাৰ অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু; কোটিটকীয়া কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী