Local, Vocal, Global

AP Ex CM arrested : গ্ৰেপ্তাৰ অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু; কোটিটকীয়া কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী

নেশ্যনেল ডেস্ক, ৯ছেপ্টেম্বৰ : অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ(AP Ex CM arrested) । শনিবাৰে পুৱতি নিশা অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ কৰে ৷ CID য়ে ৰাজ্যখনৰ নন্দিয়ালাত গ্ৰেপ্তাৰ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক(Chandrababu Naidu former Andhra CM arrested in skill development scam case) ৷

উল্লেখ্য যে, কোটিটকীয়া কেলেংকাৰীৰ অভিযোগতCID য়ে গ্রেপ্তাৰ কৰে নেতাগৰাকীক। শনিবাৰৰ পুৱাই ৰাজ্যখনৰ নন্দীয়াল জিলাৰ পৰা গ্রেপ্তাৰ কৰা হয় নাইডুক।

জানিব পৰা অনুসৰি দক্ষতা বিকাশ দুৰ্নীতিৰ অভিযোগ আছে চন্দ্রবাবুৰ ওপৰত। নাইডুৰ বিৰুদ্ধে বিগত সময়ত দক্ষতা বিকাশৰ দুৰ্নীতিৰ গোচৰৰ তদন্ত চলি আছিল। এই গোচৰ অনুসৰি ২৫০ কোটিটকীয়া কেলেংকাৰীৰ অভিযোগ আছে নাইডুৰ বিৰুদ্ধে।ইফালে, চন্দ্রবাবু নাইডুৰ পুত্র নাৰা লোকেশকো আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে(Ex CM N Chandrababu Naidu Arrested in Skill Development Scam Case) ।

আৰক্ষীয়ে জিম্মাত লোৱাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে, ” কিয় মানৱ অধিকাৰ খৰ্ব কৰা হৈছে ?যদি মোৰ ভুল হৈছে মই ৰাস্তাতে মৰি যাম । মোৰ বিৰুদ্ধে কি কি ধাৰা লগোৱা হৈছে ?কেনেকৈ প্ৰমাণ অবিহনে মোক গ্ৰেপ্তাৰ কৰিব পাৰে ?”

আনহাতে চন্দ্ৰবাবুৰ গ্ৰেপ্তৰক লৈ আৰক্ষীৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয় অধিবক্তাই । চন্দ্ৰবাবুৰ গ্ৰেপ্তৰক লৈ আৰক্ষীক প্ৰমাণ দেখুৱাবলৈ কয় । আৰক্ষীয়ে এই প্ৰশ্ন উত্তৰত সকলো তথ্য-পাতি মজুত আছে বুলি কয় । ইয়াৰ পিছত অধিবক্তাসকলে প্ৰাথমিক প্ৰমাণ দেখুৱাব লাগে বুলি হেঁচা প্ৰয়োগ কৰে ।

অধিবক্তাই কয় যে চন্দ্ৰবাবুক গ্ৰেপ্তাৰ কৰাটো অবৈধ ।”অধিবক্তাই আৰক্ষীৰ সৈতে হোৱা আলোচনাত এজাহাৰত চন্দ্ৰবাবুৰ নাম সন্দৰ্ভত অধিবক্তাই প্ৰশ্ন উত্থাপন কৰে । এই উপলক্ষে তেলেগু দেশম পাৰ্টিৰ মুৰব্বীগৰাকীয়ে আৰক্ষীক প্ৰশ্ন কৰে যে এজাহাৰত নাম উল্লেখ নোহোৱাকৈ গ্ৰেপ্তাৰ কেনেকৈ সম্ভৱ(Former Andhra Pradesh CM Chandrababu Naidu arrested in corruption case) । গ্ৰেপ্তাৰ কৰাৰ আগতে সেই নথি-পত্ৰ জমা দিব লাগে বুলি কয় ।

অৱশ্যে গ্ৰেপ্তাৰৰ পিছত উপযুক্ত নথি-পত্ৰ প্ৰদান কৰিব বুলি দাবী কৰিছে আৰক্ষীয়ে । অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক দক্ষতা বিকাশৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ৷ ২০২১ চনৰ ৯ ডিচেম্বৰত CID য়ে নন্দিয়ালাত গ্ৰেপ্তাৰ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৷ ২৫ জন ব্যক্তিৰ নাম অভিযুক্ত নাম উল্লেখ কৰি এফ আই আৰ পঞ্জীয়ন কৰিছে। এফআইআৰত অভিযুক্ত হিচাপে উল্লেখ কৰা হোৱা নাছিল চন্দ্রবাবু নাইডুৰ নাম(TDP chief Chandrababu Naidu arrested in AP skill development case) ।

চি আই ডিৰ উপ আৰক্ষী অধীক্ষক এম ধনুঞ্জয়ুডুৱে নাইডুক চি আৰ পি চিৰ ৫০(১)ৰ অধীনত জাননী প্ৰদান কৰি কয় ১২০(বি), ১৬৬, ১৬৭, ৪১৮, ৪২০ ধাৰাত পঞ্জীয়নভুক্ত ২৯/২০২১ নম্বৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয় । ৪৬৮, ৪৬৫, ৪৭১, ৪০৯, ২০১, ১০৯ আইপিচিৰ ৩৪ আৰু ৩৭ আৰু ১২, ১৩(২) দুৰ্নীতি প্ৰতিৰোধ আইনৰ ১৩(১)(C)(D) অধীনত গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক :India Vs Bharat Controversy : দেশৰ নাম সলনিক লৈ সৃষ্টি হোৱা ৰাজনৈতিক ধুমুহাৰ মাজতে কংগ্ৰেছ সাংসদ শশী থাৰুৰে মন্তব্য