গোলাঘাটত নিষিদ্ধ গাহৰি , গাহৰিৰ মাংস

নিউজ ডেক্স,২৩ জুলাই : গাহৰি , গাহৰি মাংস, গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰীত নিষেধাজ্ঞা জাৰি। গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰিছে এই নিষেধাজ্ঞা।
গোলাঘাট আঠখেলীয়া বৰকছাৰীত ছোৱাইন ফিভাৰত এশৰ অধিক গাহৰিৰ মৃত্যু হোৱাৰ পিছত তৎপৰ হৈ পৰিছে গোলাঘাট জিলা প্ৰশাসন।
গোলাঘাটৰ দৈনিক/সাপ্তাহিক বজাৰসমূহকে ধৰি কোনো ঠাইত বিক্ৰী কৰিব নোৱাৰিব গাহৰি গোলাঘাট জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশ।
ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে গাহৰিৰ মাংস আৰু গাহৰিৰ পোৱালী জিলাখনৰ ভিতৰত অথবা আন্তঃজিলা সৰবৰাহ নিষিদ্ধ।
কিন্তু এচাম দুষ্ট চক্ৰই গোলাঘাটৰ পৰা গাহৰিসমূহ কিনি যোৰহাট জিলাত বিক্ৰী কৰা অভিযোগ উত্থাপন হৈছে। যোৰহাট জিলাত সম্পূৰ্ণৰূপে গাহৰি মাংস বন্ধ কৰাৰ দাবী জনাইছে এচাম লোকে।