Local, Vocal, Global

Food poisoning in Tinisukia : খাদ্যত বিষক্ৰিয়া;অসুস্থ ১৩ গৰাকী ছাত্ৰ-ছাত্ৰী

তিনিচুকীয়া,৪ছেপ্তেম্বৰ : খাদ্যত বিষক্ৰিয়া । অসুস্থ ১৩ গৰাকী ছাত্ৰ-ছাত্ৰী ।

তিনিচুকীয়া জিলাৰ মামৰণী জাতীয় বিদ্যালয়ত খাদ্যত বিষক্ৰিয়া ।ফলত বিদ্য়ালয়খনৰ ছাত্ৰাবাসৰ ৪৫ গৰাকীৰ আৱাসীৰ ভিতৰত ১৩ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে অসুস্থ হৈ পৰে ।

বিদ্যালয়খনৰ প্ৰধান শিক্ষকে সদৰী কৰা অনুসৰি ছাত্ৰ-ছাত্ৰীৰ আৱাসত পুৱাৰ ভাগত আহাৰ গ্ৰহণ পাচতে তেওঁলোক বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে ।

ছাত্ৰ-ছাত্ৰীকেইগৰাকী অসুস্থ হোৱাৰ পাচত ততাতৈয়াকৈ তেওঁলোকক মাকুমস্থিত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । আৱাসৰ সকলো ছাত্ৰ-ছাত্ৰী অসুস্থ হোৱা নাই যদিও সকলোকে লৈ অনা হৈছে চিকিৎসালয়লৈ ৷ খাদ্য বিষক্ৰিয়াৰ কাৰণ জানিবলৈ পৰা হোৱা নাই ৷ কিন্তু নিশা আৰু পুৱাৰ আহাৰত মাছ আৰু খৰিচা টেঙা খোৱা বুলি প্ৰধান শিক্ষকগৰাকীয়ে কয় ৷ সেই আহাৰ গ্ৰহণৰ ফলতেই খাদ্য বিষক্ৰিয়া হোৱা সন্দেহ প্ৰকাশ কৰিছে বিদ্যালয় খনৰ কৰ্তৃপক্ষই(Food poisoning in Tinisukia) ।

একাংশ অভিভাৱকে এই বিষয়ে কয়, “আমাক মামৰণী জাতীয় বিদ্যালয় কৰ্তৃপক্ষই পুৱা এই বিষয়ে জনোৱাত পোনে পোনে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালতলৈ আহিছো । কি কাৰণত এয়া হৈছে সেই বিষয়ে একো জানিব পৰা নাই ।”

বৰ্তমান অসুস্থ ছাত্ৰ-ছাত্ৰীকেইগৰাকীক চিকিৎসা প্ৰদান কৰি থকা হৈছে মাকুমস্থিত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ ইফালে চিকিৎসকেও খাদ্য বিষক্ৰিয়া হোৱা বুলিয়েই সন্দেহ প্ৰকাশ কৰিছে । বাতৰি যুগুত কৰা পৰলৈকে লাভ কৰা তথ্য অনুসৰি, আটাইকে চিকিৎসা প্ৰদানৰ অন্তত সম্ভৱতঃ পিচবেলা ভাগত যাবলৈ দিয়া হ’ব ।

লগতে পঢ়ক : দালাল আজিদুল ইছলামৰ দুৰ্নীতিৰ পৃষ্ঠা;এটা ৰাতিত হৈ পৰিল কোটিপতি