Local, Vocal, Global

Heroin and Burmese supari seized in Mizoram and Manipur : মিজোৰাম আৰু মণিপুৰত জব্দ কোটি টকাৰ বাৰ্মিজ চুপাৰী

নিউজ ডেস্ক,৪ছেপ্তেম্বৰ : অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান চলাই বুজণ পৰিমাণৰ চুপাৰি জব্দ কৰিছে ।

অসম ৰাইফলছৰ অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযানত। মনিপুৰৰ টেংনৌপাল জিলাৰ মাছি আৰু সীতা এলেকাত অভিযান অসম ৰাইফলছৰ । অভিযানত জব্দ ৩৬৪ বস্তা চুপাৰি ।লগতে গ্ৰেপ্তাৰ সৰবৰাহকাৰী।

অসম ৰাইফলছৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি , জব্দ কৰা চুপাৰীখিনিৰ মূল্য প্ৰায় ২.৫ কোটি টকা। অবৈধ চুপাৰীৰ সৈতে ৬ জন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে ।

আনহাতে মিজোৰামৰ ম্যানমাৰ সীমান্তৰ চাম্পাই জিলাৰ তিনি স্থানত অভিযান চলাই মুঠ ৮০ বস্তা চুপাৰী জব্দ কৰিছে অসম ৰাইফলছে। জব্দ কৰা চুপাৰীখিনিৰ ওজন ৮৮০০ কিলোগ্ৰাম। চুপাৰীখিনিৰ মূল্য প্ৰায় ৬১ লাখ ৬০ হাজাৰ টকা বুলি সদৰী কৰিছে অসম ৰাইফলছে(Heroin and Burmese supari seized in Mizoram and Manipur)।‌

ঘটনা সংক্ৰান্তত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওলোকৰ পৰা বুজণ পৰিমাণৰ হেৰ’ইনো জব্দ কৰা হয়। হেৰ’ইন আৰু চুপাৰীৰ মূল্য প্ৰায় ৩.৪৭ কোটি টকা বুলি দাবী কৰিছে অসম ৰাইফলছে।

লগতে পঢ়ক : Food poisoning in Tinisukia : খাদ্যত বিষক্ৰিয়া;অসুস্থ ১৩ গৰাকী ছাত্ৰ-ছাত্ৰী