Assam Flood 2023 : অপৰিৱৰ্তিত কপিলীৰ জলস্তৰ, প্লাবিত হৈছে ন ন অঞ্চল

কামপুৰ, ১৮ জুন : সমগ্ৰ ৰাজ্যত অব্যাহত আছে নেৰানেপেৰা বৰষুণ (Assam Flood 2023) । ফলত ক্ৰমাৎ বৃদ্ধি পাইছে নৈ-উপনৈসমূহৰ জলস্তৰ । ৰাজ্যত বান পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা আছে । তিনিখন জিলাৰ প্ৰায় ৫০ হেজাৰৰো অধিক লোক প্ৰভাৱিত হৈছে বানত ।
যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বান পৰিস্থিতি ক্ৰমাৎ জটিল হ’বলৈ আৰম্ভ কৰিছে(Assam Flood 2023)। সমগ্ৰ ৰাজ্যতে বৃষ্টিপাত অব্যাহত থাকিব বুলি উল্লেখ কৰি বতৰ বিজ্ঞান বিভাগে অহা ১৯ জুনলৈকে অৰেঞ্জ এলার্ট জাৰী কৰিছে (Orange Alert)
ৰাজ্যৰ অন্যান্য জিলাৰ সমান্তৰালকৈ নগাঁও জিলাৰ বিভিন্ন প্ৰান্ততো বান পৰিস্থিতিয়ে ধাৰণ কৰিছে ভয়াৱহ ৰূপ । কামপুৰত কপিলী নৈৰ জলস্তৰ বৃদ্ধি পোৱাত অধিক ভয়াৱহ হৈছে বৃহত্তৰ অঞ্চলটোৰ বান পৰিস্থিতি । নৈৰ বাঢ়নি পানীয়ে প্লাৱিত কৰিছে ন ন অঞ্চল ।
ইফালে 2020 চনতে কপিলী নৈৰ পাৰৰ কাকতি গাঁৱৰ মথাউৰিটো ভঙাৰ পাছতে তীব্ৰতৰ হৈ পৰিছে স্থানীয় ৰাইজ । আজিও তাক মেৰামতি নকৰাত শংকিত হৈ পৰিছে নৈপৰীয়া কাকতি গাঁওবাসীৰ লগতে দাঁতি কাষৰীয়া দহ বাৰখন গাঁৱৰ ৰাইজ । নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ ফলত কপিলীৰ জলস্তৰ বৃদ্ধি হোৱাত নৈপৰীয়া বহুলোকৰ ঘৰ বানত আৰু খহনীয়াত বিলীন হোৱাৰ সম্ভৱনাই দেখা দিছে ।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, স্থানীয় ৰহা সমষ্টিৰ বিধায়কগৰাকীক 2021 চনতে ভগ্ন মথাউৰিটো নিৰ্মাণৰ বাবে আবেদন জনাইছিল যদিও এই লৈ অলপো গুৰুত্ব প্ৰদান কৰা নাই । তাৰোপৰি অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী তথা ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক পিয়ুষ হাজৰিকাকো ৰাইজে মথাউৰিটো পুনৰনিৰ্মাণৰ বাবে আবেদন কৰিছিল যদিও আজিলৈকে কোনো সুফল নাপালে বুলি উল্লেখ কৰে স্থানীয় ৰাইজে ।
বৰ্তমান কপিলীৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈ অহাৰ পৰিপেক্ষিতত বান আৰু গৰাখহনীয়াৰ আশংকাত আতংকিত হৈ স্থানীয় ৰাইজে উজাগৰে পাৰ কৰিছে সময় । আতংকিত ৰাইজে চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগতে স্থানীয় প্ৰশাসনক বান প্ৰতিৰোধৰ বাবে শীঘ্ৰেই বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।
লগতে পঢ়ক : NHPC threatens : NHPCৰ ভাবুকি ! খহি আহিছে গেৰুকামুখ পাহাৰ