Local, Vocal, Global

Flood in Assam : ৰাজ্যত ক্ৰমাৎ জটিল হৈছে বান পৰিস্থিতি

নিউজ ডেস্ক, ২২জুন : নামনি অসমত বানৰ বিধ্বংসী ৰূপ। পুনৰ জটিলতাৰ দিশে সমগ্ৰ ৰাজ্যৰ বান পৰিস্থিতি। প্ৰলয়ংকাৰী বানত দিশহাৰা হাজাৰ হাজাৰ জনতা। ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ। কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত। বৰ্তমান পৰ্যন্ত ২০ খন জিলাৰ জলমগ্ন হৈছে প্ৰায় ১.২০ লাখ লোক।উল্লেখ্য যে, বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে মুঠ ২৫ টা সাহায্য শিবিৰ মুকলি কৰা হৈছে (Flood in Assam)৷

ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰা অনুসৰি,কেৱল ভূটানৰ কুৰিশু বান্ধে পানী এৰাৰ বাবেই নহয়, ভূটান আৰু অসমৰ উজনি অৱবাহিকা অঞ্চলত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ বাবেও নামনি অসমৰ বিভিন্ন ঠাইত বানে ভয়াবহ ৰূপ লৈছে (Flood situation worsens in Assam)।

উল্লেখ্য যে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা অনুসৰি, বৰপেটা ৰোডৰ বেকী আৰু ৰঙিয়াৰ পুঠিমাৰী নৈ বুধবাৰে বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷ নদী দুখনৰ কাষৰীয়া গাঁওসমূহত প্ৰশাসনে সতর্কতা অৱলম্বন কৰিছে ৷ লক্ষণীয় যে দৰং আৰু কোকৰাঝাৰৰ 8 খন দলঙৰ বিস্তৰ ক্ষতিসাধণ হৈছে যাৰ ফলত ৰাইজৰ যাতায়াতৰ যথেষ্ট অসুবিধাৰ সন্মুখীনৰ হৈছে।ইফালে, ভূটানৰ বান্ধৰ অতিৰিক্ত পানী বৰপেটা, বাক্সা, চিৰাং জিলালৈ বৈ অহাত আতংকৰ সৃষ্টি হৈছে(Flood situation worsens in Assam) ৷

বৃহস্পতিবাৰে পুৱতি নিশা পাঠশালা সমীপৰ দুই স্থানত ভাগিল পহুমাৰা নৈৰ মথাউৰি। স্থানীয় লোকৰ মাজত হাহাকাৰ ময় পৰিস্থিতি। মথাউৰি চিগি জলমগ্ন হৈছে প্ৰায় ২০০খনকৈ গাঁও।পাঠশালা নগৰো এতিয়া ভয়ংকৰ বানৰ কৱলত পৰাৰ আশংকা কৰিছে। কালদিয়া নৈ বাগৰি ভয়ংকৰ বানৰ কৱলত পাটাচাৰচুছি ,চাকলা লগতে হৰিপুৰৰ বিভিন্ন অঞ্চল ।ইফালে তামুলপুৰৰ বানে লৈছে ভয়ংকৰ ৰূপ. পাগলাদিয়া বলদিয়া নৈ য়ে লৈছে ভয়ংকৰ ৰূপ।বৰমা ছিগিছে পাগলাদিয় নৈ।পাঠশালা সমীপৰ দুই স্থানত ভাগিল পহুমাৰা নৈৰ মথাউৰি।কেন্দুগুৰীৰ সমীপৰ দলগাঁও পূৱফালে ছিগিল মথাউৰি।ৰাজ্যত এতিয়াই বান পৰিস্থিতিয়ে লৈছে ভয়ংকৰ ৰূপ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিবেদন অনুসৰি প্ৰকাশ কৰা অনুসৰি, অসম, অন্যান্য চুবুৰীয়া ৰাজ্য আৰু চুবুৰীয়া দেশ ভূটানত হোৱা মুষলধাৰ বৰষুণৰ পিছত কেইবাখনো নদীৰ পানীৰ স্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আহিছে। যাৰ ফলত অঞ্চলসমূহ প্লাবিত হৈছে।

বেকী, পাগলাদিয়া, পুঠিমাৰী আদি নদীৰ পানীৰ স্তৰ বৃদ্ধি পোৱাৰ ফলত ওচৰৰ অঞ্চলসমূহত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ৪৫ খন ৰাজহ চক্ৰৰ প্ৰায় ৭৮০ খন গাঁও বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈছে। প্ৰভাৱিত জিলা সমূহ- বজালী,বাক্সা, বৰপেটা, বিশ্বনাথ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোলাঘাটস হোজাই, কামৰূপ, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, নলবাৰী, শোণিতপুৰ, তামুলপুৰ, ওদালগুৰি আদি।তথ্য অনুসৰি, নলবাৰীৰ প্ৰায় ৪৪,৭০৭ গৰাকী লোক প্ৰভাৱিত হৈছে বানৰ দ্বাৰা, ইয়াৰ পাছতে বাক্সাত ২৬,৫৭১, লখিমপুৰত ২৫,০৯৬, তামুলপুৰত ১৫৬১০ আৰু বৰপেটাত ৩৮৪০ গৰাকী লোক প্ৰভাৱিত হৈছে।বাক্সা, ধুবুৰী, কোকৰাঝাৰ, নলবাৰী আৰু তামুলপুৰত প্ৰশাসনে ইতিমধ্যে ১৪ টা শিবিৰ আৰু ১৭ টা সাহায্য বিতৰণ শিবিৰ স্থাপন কৰিছে।বৰ্তমান পৰ্যন্ত প্ৰায় ১.০৭ লাখ ঘৰচীয়া জন্তু ক্ষতিগ্ৰস্ত হৈছে বানৰ দ্বাৰা।

এনডিআৰএফ, এছডিআৰএফ আৰু অগ্নি আৰু জৰুৰীকালীন সেৱা সমূহে বুধবাৰে বানপীড়িত অঞ্চলৰ পৰা ১২৮০ জন লোকক উদ্ধাৰ কৰিছে। বুধবাৰ পৰ্যন্ত বানপানীৰ ফলত ৰাজ্যত ৪টা মথাউৰি, ৭২ টা পথ আৰু ৭খন দলং অধিক ক্ষতিগ্ৰস্ত হৈছে।

লগতে পঢ়ক : Man Elephant conflict : কামপুৰত বন্যহস্তীৰ তাণ্ডৱ