Local, Vocal, Global

Flood situation in Assam : ধাৰাসাৰ বৰষুণৰ ফলত অসমত বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে

নিউজ ডেস্ক, ১৬জুন : সমগ্ৰ ৰাজ্যত অব্যাহত আছে নেৰানেপেৰা বৰষুণ। ফলত ক্ৰমাৎ বৃদ্ধি পাইছে নৈ-উপনৈসমূহৰ জলস্তৰ। ৰাজ্যৰ বান পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা। তিনিখন জিলাৰ প্ৰায় ৩০ হেজাৰ লোক হৈছে প্ৰভাৱিত।

যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বান পৰিস্থিতি ক্ৰমাৎ জটিল হ’বলৈ আৰম্ভ কৰিছে। সমগ্ৰ ৰাজ্যতে বৃষ্টিপাত অব্যাহত থাকিব বুলি উল্লেখ কৰি বতৰ বিজ্ঞান বিভাগে অহা ১৯ জুনলৈকে অৰেঞ্জ এলার্ট জাৰী কৰিছে ৷

ইয়াৰ পৰিপ্ৰেক্ষিতত বান পৰিস্থিতি অধিক জটিল হ’ব পাৰে বুলি শংকা কৰা হৈছে । নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে নৈ-উপনৈসমূহৰ জলস্তৰ । লগতে গৰাখহনীয়াও লৈছে ভয়ংকৰ ৰূপ ।

এইকেইদিন একেলেথাৰিয়ে হৈ থকা বৰষুণৰ ফলত সৃষ্টি হোৱা বাঢ়নী পানীয়ে ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাৰ বহু অঞ্চল, ৰাস্তা-ঘাট, ঘৰ-দুৱাৰকে ধৰি বিস্তীৰ্ণ খেতিপথাৰ বুৰাই পেলাইছে । বছৰৰ এই প্ৰথমটো বানত এতিয়ালৈকে তিনিখন জিলাৰ প্ৰায় ৩০ হেজাৰ লোক প্ৰভাৱিত হৈছে(Flood situation in Assam) ।

কেইবাখনো নৈ-উপনৈৰ জলস্তৰে সতর্কতামূলক সীমা অতিক্রম কৰিছে যদিও এতিয়াও বিপদসীমাৰ তলেৰে বৈ আছে । এই সময়ছোৱাত ৰাজ্যৰ প্ৰায়বোৰ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে কোনো কোনো অঞ্চলত প্রবল বৃষ্টিপাত হোৱাৰ আশংকা আছে (Flood situation in Assam is getting worse due to heavy rains)।

নগাঁও জিলাৰ লাওখোৱাত বছৰৰ প্ৰথমটো বানৰ সমান্তৰালকৈ হোৱা আৰু ভয়াৱহ খহনীয়াই এতিয়া জীয়াতু ভুগাইছে অঞ্চলটোৰ ৰাইজক ৷ নাজন নাস্থল অৱস্থা বানাক্রান্ত লোকসকলৰ ।

একেধৰণে বান আৰু খহনীয়াই মৰিগাঁৱৰ ভুৰবন্ধাৰ বৃহত্তৰ নৈপৰীয়া অঞ্চলৰ লোকসকলৰ মাজতো আতংকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ স্থানীয় ৰাইজৰ অভিযোগ, বান আৰু গৰাখহনীয়া ৰুধিবলৈ নৈৰ পাৰত নাই জিঅ’ বেগৰ বান্ধৰ ব্যৱস্থা । স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, বিগত বছৰবোৰত হোৱা নদীৰ খহনীয়াই নিচিহ্ন কৰিছে বৃহত্তৰ ভূৰবন্ধাৰ বৃহৎ এটা অঞ্চল(Flood situation in Assam is getting worse due to heavy rains) ।

আনহাতে কলিয়াবৰ সমষ্টিৰ অন্তর্গত ব্ৰহ্মপুত্ৰৰ পাৰৰ বহুকেইটা অঞ্চলত বান আৰু খহনীয়া ৰোধিবলৈ জিঅ’ বেগৰ ব্যৱস্থা কৰা হৈছে যদিও অঞ্চলটোৰ লোকসকল বান আৰু খহনীয়াক লৈ শংকিত হৈ আছে ।

কামৰূপ জিলাৰ হাজোত একেলেথাৰিয়ে হৈ থকা বৰষুণৰ ফলত বামুন্দী হাতীমূৰা পাহাৰৰ পৰা এটা প্রকাণ্ড শিল খহি পৰাৰ ফলত মনোজ ৰাজবংশী নামৰ এজন লোকৰ ঘৰটোৰ বিস্তৰ ক্ষতিসাধন হয় ৷ ভূমিস্খলনটোৰ ফলত গুৰুতৰ ভাৱে আহত মনোজ ৰাজবংশী, মুন ৰাজবংশী, চন্দনা ৰাজবংশী আৰু ৰূপজ্যোতি ৰাজবংশীক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় GMCHলৈ ৷ ইফালে পাহাৰটোৰ পৰা অধিক শিল খহি পৰাৰ আশংকাত এতিয়া আতংকিত হৈছে স্থানীয় লোকসকলক(Flood situation in Assam) ৷

উল্লেখ্য যে,অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰ জিলাত এতিয়ালৈকে ২৮,৮৭০ গৰাকী লোক বানৰ কৱলত পৰিছে । ইয়াৰে লখিমপুৰ জিলাত ২৩,৫১৬ গৰাকী, ডিব্ৰুগড়ত ৩,৮৫৭ গৰাকী আৰু ধেমাজি জিলাত ১,৪৯৭ গৰাকী লোক পৰিছে বানৰ কৱলত ।

ইফালে বানৰ ফলত লখিমপুৰ জিলাৰ ১৮০.৫৭ হেক্টৰ আৰু ধেমাজি জিলাৰ ৩৫ হেক্টসহ মুঠ ২১৫.৫৭ হেক্টৰ কৃষিভূমি প্ৰভাৱিত হৈছে । তাৰোপৰি জিলা দুখনত ছয় হেজাৰৰো অধিক পশুধন প্রভাৱিত হৈছে ।

কেন্দ্রীয় জল আয়োগে প্রকাশ কৰা তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ-জীয়াভৰলী আৰু পাগলাদিয়া নৈ আজিও সতর্কতামূলক সীমাৰ ওপৰেদি বৈ আছে যদিও বিপদসীমা অতিক্রম কৰা নাই ৷ ডিব্ৰুগড়ত ব্রহ্মপুত্র ০.৬৬ মিটাৰ, শোণিতপুৰত জীয়াভৰলী 0.0৮ মিটাৰ, যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্র ০.৩৭ মিটাৰ, তেজপুৰত ব্ৰহ্মপুত্র ০.৯৪ মিটাৰ, নলবাৰীৰ এন টি ৰোড ক্ৰছিঙত পাগলাদিয়া নৈৰ পানী ০.৯২ মিটাৰ বিপদসীমাৰ তলেৰে বৈ আছে ।

লগতে পঢ়ক : poor conditions of roads : বাৰিষাৰ পথাৰ নে যাতায়তৰ বাবে এটা পথ ! বিপাঙত সৰুক্ষেত্ৰীবাসী