Local, Vocal, Global

poor conditions of roads : বাৰিষাৰ পথাৰ নে যাতায়তৰ বাবে এটা পথ ! বিপাঙত সৰুক্ষেত্ৰীবাসী

বৰপেটা, ১৬জুন: জাকিৰ হুছেইন সিকদাৰ সৰুক্ষত্ৰীৰ বিধায়ক নহয় , তেওঁ কয়াকুছিৰহে বিধায়ক। এই অভিযোগ সৰুক্ষেত্ৰী সমষ্টিৰ সাধাৰণ জনতাৰ।সমষ্টিবাসীয়ে স্থানীয় বিধায়ক গৰাকীৰ বিৰুদ্ধে কিয় এইদৰে ক্ষোভ উজাৰিলে ?জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

উন্নয়নৰ শ্লগানেৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰখনৰ উন্নয়নৰ আন এক ফোঁপোলা স্বৰূপ ৷ উন্নয়নৰ জয়গান গোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত সৰুক্ষেত্ৰী সমষ্টিৰ একাংশ ৰাইজ । কিয়নো চৰকাৰে তথাকথিত উন্নয়নৰ ফুলজাৰি মাৰি থকাৰ সময়তে সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত গাদেশালীবাসী ৰাইজে উদঙালে উন্নয়নৰ প্ৰকৃত ছবিখন(poor conditions of roads) ৷

সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ ৭নং ৱাৰ্ডৰ গাদেশালী গাঁৱৰ পৰা কমলাবাৰীলৈ যোৱা পথটোৱে এতিয়া বাৰুকৈয়ে জলাকলা খুৱাইছে গঞা ৰাইজক ৷ পথৰ দুৰৱস্থাই জীয়াতু ভুগাইছে গাদেশালীবাসী ৰাইজক । যাৰবাবে অতিষ্ঠ হৈ স্থানীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ।

সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত গাদেশালী গাঁও আৰু কমলাবাৰী সংযোগী এই পথটোৰ দুৰৱস্থা দেখিলে আপুনিও আচৰিত হ’ব । এজাক বৰষুণতেই জলমগ্ন হৈ পৰে সমগ্ৰ পথছোৱা । এই কন্তকময় পথটোৰ বাবে স্থানীয় ৰাইজে সদায় যমৰ যন্ত্ৰণা ভুগ কৰি আহিছে বুলি উল্লেখ কৰিলে স্থানীয় ৰাইজে (Plight of various roads under Sarukhetri constituency has put people a disadvantage)
Plight of various roads) । স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, গাদেশালী অঞ্চলত থকা তিনিওটা পথৰে একে দুৰৱস্থা ।

এই সমষ্টিটোৰ পৰা জয়ী হৈ বহু বিধায়ক আহিল আৰু গ’ল । কিন্তু আজিলৈকে গাদেশালী অঞ্চলত নহ’ল কোনো ধৰণৰ উন্নয়ন । আনকি সমষ্টিটোৰ পৰা একেধাৰে দুবাৰকৈ বিধায়ক হোৱা জাকিৰ হুছেইন সিকদাৰেও সমষ্টিবাসীৰ উন্নয়ন প্ৰতি অলপো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে(Plight of various roads under Sarukhetri constituency has put people a disadvantage)।
তাৰোপৰি স্থানীয় ৰাইজৰ অভিযোগ, ১৫নং দক্ষিণ পূৱ সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ সভানেত্ৰীগৰাকীয়েও উন্নয়নৰ নামত একপ্ৰকাৰ ভেকো- ভাওনাহে কৰি আহিছে(poor conditions of roads) । ইফালে, বাৰিষা অহাৰ লগে লগে আটাইকেইটা পথে এতিয়া পথাৰসদৃশ ৰূপ লোৱাত ত্ৰাহি মধূসূদন সুঁৱৰিছে সাধাৰণ জনতাই ৷

লগতে পঢ়ক :Police detained Sikha Sharma: দিছপুৰ আৰক্ষীয়ে আটক কৰিলে শিখা শৰ্মাক