Local, Vocal, Global

WATCH | Flood in Assam : পুনৰ কৃত্ৰিম বানৰ কবলত ডিব্ৰুগড় চহৰ

ডিব্ৰুগড়,২৪এপ্ৰিল : অসমৰ প্ৰথমখন পৌৰসভাক উন্নীত কৰা হ’ল পৌৰ নিগমলৈ । গুৱাহাটী পৌৰ নিগমৰ পিচতেই দ্বিতীয়খন পৌৰ নিগম হিচাপে স্বীকৃতি দিয়া হ’ল ডিব্ৰুগড় পৌৰ নিগমক । গুৱাহাটী মহানগৰৰ পাচতে এখন আগশাৰীৰ চহৰ হিচাপে বিবেচিত হৈ আহিছে ডিব্ৰুগড় চহৰখন ।

উজনি অসমৰ ডিব্ৰুগড় চহৰখন ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ হৈ উঠিছে । উত্তৰ-পূৱৰ দুৱাৰমুখ হিচাপে বিবেচিত হৈছে ডিব্ৰুগড় চহৰ । কিন্তু ৰাজ্যৰ দ্বিতীয়খন পৌৰ নিগম হিচাপে ডিব্ৰুগড়ক স্বীকৃতি দিয়াৰ পাচতে পানীৰ তলত ডিব্ৰুগড় চহৰ(Flood in Assam)।

পুনৰ কৃত্ৰিম বানৰ কবলত ডিব্ৰুগড় চহৰ৷ ধাৰাসাৰ বৰষুণত বুৰিল মানকটা ৰোড, HS ৰোড৷ জলমগ্ন হৈ পৰিছে আৰক্ষী ছাউনীকে ধৰি বিস্তীৰ্ণ এলেকা৷

লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটৰ ৰঙাচকুৱাত ৫৩ সংখ্যক ব’হাগী মেলা সমাৰোহ সম্পন্ন