লণ্ডন অভিমুখী বিমানত বিমানৰ কেবিন ক্ৰুক শাৰীৰিকভাৱে প্ৰহাৰ যাত্ৰীৰ…

ডিজিটেল ডেস্ক:- এয়াৰ ইণ্ডিয়াক সংঘটিত হৈছে আন এক ঘটনা ।এয়াৰ ইণ্ডিয়াৰ নিউয়ৰ্কৰ পৰা নতুন দিল্লী অভিমুখী বিমানত নিচাসক্ত যাত্ৰীয়ে সহযাত্ৰীৰ শৰীৰত প্ৰস্বাৱ কৰাৰ ঘটনা পাছত এইবাৰ সংঘটিত হৈছে আন এক ঘটনাৰ। পুনৰ আন এক ঘটনাই জোকাৰি গল বিমান কৰ্তৃপক্ষক।
লণ্ডন অভিমুখী বিমানত এগৰাকী যাত্ৰীয়ে বিমানৰ কেবিন ক্ৰুক শাৰীৰিকভাৱে প্ৰহাৰ কৰে যাৰ বাবে পুনৰ নতুন দিল্লীলৈ উভতাই আনিব লগীয়া হয় বিমানখন ।
জানিব পৰা মতে, সোমবাৰে এয়াৰ ইণ্ডিয়াৰ দিল্লীৰ পৰা লণ্ডনলৈ উৰা বিমানত থকা এজন যাত্ৰীৰ সৈতে বিমানখনৰ ক্ৰু সদস্য সকলৰ বিবাদ হয়। আৰম্ভ কৰে কাজিয়া লগতে হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰে। হুলস্থুল ইমানেই বাঢ়ি যায় যাৰ বাবে বিমানখনে পুনৰ বিমান বন্দৰলৈ আহি যাত্ৰী গৰাকীক বিমানৰ পৰা নমাই দিয়ে।
শাৰীৰিক প্ৰহাৰৰ বাবে বিমানখনৰ কেপ্টেইনে জৰুৰীকালীনভাৱে বিমানখন নতুন দিল্লীত অৱতৰণ কৰাব লগীয়া হয় ।যাত্ৰীগৰাকীক সুৰক্ষা কৰ্মীৰ হাতত গতাই দিয়ে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই ।