Local, Vocal, Global

Flash floods in guwahati : মহানগৰীৰ বান ৰাইজে নিজে সৃষ্টি কৰা বান -ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

নিউজ ডেস্ক,৭জুলাই : সোমাবাৰে অহা এজাক মুষলধাৰ বৰষুণৰ পিছতে গুৱাহাটীত সৃষ্টি হোৱা কৃত্ৰিম বানৰ । সৃষ্টি হৈছিল এক হাহাকাৰময় পৰিস্থিতিৰ ।

গুৱাহাটীৰ বান সন্দৰ্ভত ৰঙিয়াত মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ।

বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, “মহানগৰীৰ বান ৰাইজে নিজে সৃষ্টি কৰা বান । গুৱাহাটীবাসীয়ে নিজে সজাগ-সচেতন হোৱাটো উচিত । প্লাষ্টিক জাতীয় সামগ্ৰী সম্পূৰ্ণৰূপে বৰ্জন কৰিব লাগিব । পাহাৰ খনন কৰাৰ ফলত ড্ৰেইনসমূহ বন্ধ হৈ পৰিছে । মহানগৰখন সম্প্ৰসাৰণ হ’লেহে বান সমস্যা দূৰ হ’ব(Flash floods in guwahati ) ।

পাহাৰত বাস কৰা লোকসকলে কোনো কাৰণতে আৰু পাহাৰ কাটিব নালাগিব । জনসংখ্যা বৃদ্ধি যিমানেই হৈ আছে সিমানেই প্ৰকৃতিগত সমস্যা বৃদ্ধি পাইছে । গুৱাহাটী মহানগৰখন সম্প্ৰসাৰণ হ’ব লাগে, তেতিয়া বান সমস্যা দূৰ হ’ব । চৰকাৰৰ সপোন আছে গুৱাহাটীক বানমুক্ত কৰাৰ ৷ ইয়াৰ বাবে ৰাইজৰ সহযোগিতা লাগিব । গুৱাহাটীৰ বান এতিয়াৰ বান নহয়, পূৰ্বৰ পৰা গুৱাহাটীত বান হৈ আছে” ৷

লগতে পঢ়ক : দুচকুৰে পৃথিৱীৰ পোহৰ দেখা নোপোৱা পথৰ এগৰাকী অচিনাকী দূৰ্ভগীয়া পথিকক নিজৰ ধন খৰছ কৰি দৃষ্টি ঘুৰাই দিলে বিপুল নাথে