Local, Vocal, Global

Five soldiers killed after terrorists ambush army truck in Kathua :জম্মু-কাশ্মীৰত সেনাৰ কনভয়ত হোৱা আক্ৰমণত জড়িত আছে পাক সন্ত্ৰাসবাদী !

নেশ্যনেল ডেস্ক,৯জুলাই : জম্মু-কাশ্মীৰত সেনাৰ কনভয়ত হোৱা আক্ৰমণত জড়িত আছে পাক সন্ত্ৰাসবাদী !

ভাৰতীয় সেনাৰ এক সূত্ৰই দাবী কৰা অনুসৰি সোমবাৰে জম্মু-কাশ্মীৰত সেনাৰ কনভয়ত সন্ত্ৰাসবাদীয়ে যি অস্ত্ৰ ব্যৱহাৰ কৰিছে সেইসমূহ অস্ত্ৰ আমেৰিকাত তৈয়াৰ কৰা।

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ কঠুৱা চহৰৰ পৰা ১৫০ কিলোমিটাৰ নিলগৰ লোহাই মালহাৰৰ বদনোটা গাঁৱৰ সমীপত সোমবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত মাচেদি-কিন্দলী-মালহাৰ পথত নিয়মীয়াকৈ টহল দি থকা সেনাৰ বাহনত সন্ত্ৰাসবাদীয়ে গ্ৰেনেড নিক্ষেপ কৰি গুলীচালনা কৰে । প্ৰথমে গুলী আৰু পিছত গ্ৰেনেড নিক্ষেপ কৰি সন্ত্ৰাসবাদীৰ দলটো কাষৰ ঘন অৰণ্যলৈ পলায়ন কৰে। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰত্যুত্তৰ নিৰাপত্তা বাহিনীয়ে দিয়ে যদিও সন্ত্ৰাসবাদীকেইটা ওচৰৰ অৰণ্যলৈ পলায়ন কৰে বুলি বিষয়াসকলে জনায়(5 Army Personnel Killed, 5 Injured In Ambush By Terrorists In J&K’s Kathua) ৷ এই ঘটনাত মুঠ ১০ জন সেনা আহত হয় আৰু পিচত ইয়াৰে ৫ জনকৈ সেনা জোৱান নিহত হয়।

সেনাৰ কনভয়ত আক্ৰমণৰ সময়ত এই সন্ত্ৰাসবাদীৰ গোটে এম-৮ কাৰ্বাইন ৰাইফল ব্যৱহাৰ কৰিছে। অত্যাধুনিক এই অস্ত্ৰ তৈয়াৰ কৰে আমেৰিকাৰ এটা সংস্থাই।

জানিব পৰা মতে, যি স্থানত তহলদাৰী ভাৰতীয় সেনাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ’ল সেই স্থানৰ পথ ব্যৱস্থা ভাল নাছিল। পথৰ বেয়া অৱস্থাৰ বাবেই বাহনসমূহে ঘণ্টাত ১০ ৰ পৰা ১৫ কিলোমিটাৰ অধিক বেগেৰে চলাটো সম্ভৱ নাছিল। ইয়াৰে সুযোগ গ্ৰহণ কৰি সন্ত্ৰাসবাদীৰ দলটোৱে আক্ৰমণ সংঘটিত কৰিছিল(Five soldiers killed after terrorists ambush army truck in Kathua)।

লগতে পঢ়ক : Landslides On Joshimath Highway Due To Heavy Rainfall : উত্তৰাখণ্ডৰ যোশীমঠত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা