Local, Vocal, Global

Rajasthan Road Accident: আৰক্ষী জোৱানৰ বাহন আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ, নিহত ৫গৰাকীকৈ আৰক্ষী জোৱান

নিউজ ডেস্ক, ১৯ নৱেম্বৰ : প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে যোৱা জোৱানৰ বাহন দুৰ্ঘটনাগ্ৰস্ত । মৃত ৫ গৰাকীকৈ সেনা জোৱান(Rajasthan Road Accident) ।

এক শোকৱাহ দুৰ্ঘটনা । ৰাজস্থানৰ নগৌৰত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো ।

দেওবাৰৰ পুৱা নগৌৰ খিনভছাৰৰ সমীপত এখন আৰক্ষী জোৱানৰ বাহন ট্ৰাকৰ সৈতে খুন্দা মাৰে ফলত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷

জানিব পৰা মতে, ঝুনঝুনুত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকৰ বাবে খিনভছাৰৰ পৰা ঝুনঝুনুলৈ গৈ আছিল এই জোৱানসকল । প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে এই জোৱান কেইজন পুৱাই খিনভছৰৰ পৰা ওলাই আহিছিল । ৰাষ্ট্ৰীয় ঘাইপথ ৫৮ ত চুৰু জিলাৰ কানুতা আৰু খাবদিয়ানাৰ মাজত আৰক্ষীৰ বাহনখনৰ এখন ট্ৰ’লীৰ সৈতে সংঘৰ্ষ হয় ।

এই সংঘৰ্ষত থিতাতে পাঁচজন আৰক্ষীৰ জোৱান নিহত হোৱাৰ লগতে আহত হয় দুজনকৈ আৰক্ষী জোৱান । আহত আৰক্ষী জোৱান দুজনক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে এজন আৰক্ষী জোৱানৰ ৷ আন এজন আৰক্ষী জোৱান বৰ্তমান চিকিৎসা গ্ৰহণ কৰি আছে(Five cops heading to PM Modi’s rally killed in car-truck collision in Rajasthan’s Nagaur) ।

আহতজনৰ চিকিৎসা অব্যাহত আছে চিকিৎসালয়খনত । আহতসকলৰ ভিতৰত এজন কনিষ্টবল সুখৰাম আৰু আন এজন হেড কনিষ্টবল সুখৰাম আছিল বুলি জানিব পৰা গৈছে ৷ চিকিৎসালয়ত মৃত্যু ঘটা জোৱানজনৰ নাম কনিষ্টবল সুখৰাম ৷ হেড কনিষ্টবল সুখৰামে বৰ্তমান নগৌৰ জে এল এন হাস্পতালত চিকিৎসাধীন হৈ আছে(Six Cops on Way for Prime Minister’s Rally in Jhunjhunu Killed As Car Collides) ।

আৰক্ষীয়ে জনোৱা মতে, আৰক্ষীক কঢ়িয়াই অনা গাড়ীখনে সন্মুখৰ পৰা অহা এখন ট্ৰাকৰ সৈতে খুন্দা মাৰে, যাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয় । নগৌৰ জে এল এন হাস্পতালৰ আউটপোষ্টৰ কনিষ্টবল ৰামকুমাৰে জনোৱা মতে, ঝুনঝুনুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠকত অংশ ল’বলৈ কৰ্তব্যৰত অৱস্থাত 7 জন আৰক্ষীৰ লোকে ঘাইপথত ট্ৰলীৰ সৈতে খুন্দা মাৰে আৰু থিতাতে 5 জন আৰক্ষীৰ মৃত্যু ঘটে ।

চুৰুৰ সুজানগড় সদৰ থানা এলেকাত সংঘটিত হোৱা এই দুৰ্ঘটনাত নগৌৰ জিলাৰ খিনভছাৰ থানাৰ আৰক্ষী ৰামচন্দ্ৰ, কুম্ভৰাম, থানাৰাম, লক্ষ্মণ সিং, কনিষ্টবল সুখৰাম আৰু সুৰেশৰ মৃত্যু হোৱাৰ বিপৰীতে আৰু হেড কনিষ্টবল সুখৰাম আহত হয় ।

লগতে পঢ়ক : Uttarkashi Silkyara Tunnel Accident : ৮দিন উকলি যোৱাৰ পিছতো উদ্ধাৰ হোৱা নাই উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিক