Local, Vocal, Global

Uttarkashi Silkyara Tunnel Accident : ৮দিন উকলি যোৱাৰ পিছতো উদ্ধাৰ হোৱা নাই উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিক

নেশ্যনেল ডেস্ক, ১৯ নৱেম্বৰ : এক ভয়ংকৰ ভূমিস্খলন । ১২ নৱেম্বৰ দীপাৱলীৰ দিনা উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগত সংঘটিত হৈছিল এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনাটো । এই ভয়ংকৰ ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰে ৪১জনকৈ শ্ৰমিক ।উত্তৰকাশীৰ যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ চিল্কিয়াৰাৰ পৰা দাণ্ডল গাঁৱলৈ এটা নিৰ্মীয়মান সুৰংগৰ ভিতৰত সংঘটিত হৈছিল ভূমিস্খলনৰ ঘটনাটো (Uttarkashi Silkyara Tunnel Accident) ৷

উল্লেখ্য যে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত যমুনোত্ৰীলৈ যোৱা তীৰ্থযাত্ৰীসকলৰ যাত্ৰাৰ সময় হ্ৰাস আৰু সহজ কৰি তুলিবলৈ এই সুৰংগটো নিৰ্মাণ কৰি থকা হৈছে । চিল্কিয়াৰাত নিৰ্মাণ কৰা সুৰংগটোৱে ধাৰাচুৰ পৰা যমুনোত্ৰীলৈ দূৰত্ব ২৬ কিলোমিটাৰ হ্ৰাস কৰিব । এই সুৰংগটো ব্ৰহ্মখাল আৰু যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত চিল্কিয়াৰা আৰু দানদাল গাঁৱৰ মাজত নিৰ্মাণ কৰা হৈছে(Uttarkashi Tunnel Rescue Operation ) ।

বৰ্তমানেও সুৰংগ পথৰ ভিতৰত আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰশাসনে প্ৰচেষ্টা অব্যাহত ৰাখিছে । তাৰ অংশস্বৰূপে সুৰংগটোত গধুৰ ড্ৰিলিং মেচিনৰ জৰিয়তে যুদ্ধকালীনভাৱে উদ্ধাৰৰ প্ৰচেষ্টা চলোৱা হৈছে ।
সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকসকলক শুকান খাদ্য খাই এক অবৰ্ণনীয় অৱস্থাত শ্ৰমিকসকল আবদ্ধ হৈ আছে। যোৱা ৮ দিন ধৰি স্বাস্থ্য বিভাগে উদ্ধাৰ অভিযানৰ সমান্তৰালকে সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ হকে ঔষধ প্ৰেৰণ কৰিছে ৷ আজি অষ্টম দিনাও শ্ৰমিকসকলক উদ্ধাৰত উদ্ধাৰকাৰী দল ব্যৰ্থ হৈছে। শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ আৰু চাৰি-পাঁচ দিন সময় লাগিব বুলি উদ্ধাৰকাৰী দলে জনাইছে।

জানিব পৰা মতে, আজি বিদেশী বিশেষজ্ঞৰ সহায়ত শ্ৰমিকক উদ্ধাৰৰ চেষ্টা চলোৱা হ’ব। আজি ড্ৰিলিং আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।শনিবাৰে মন্দিৰত পুৰোহিতক মাতি আনি বিশেষ পূজা অনুষ্ঠিত কৰা হয়।
কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি উত্তৰকাশীত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ বুজ ল’ব। জলী গ্ৰাণ্ট বিমানবন্দৰৰ পৰা মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সৈতে হেলিকপ্টাৰেৰে উত্তৰকাশীত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰিব।

বহিঃৰাজ্যৰ বিশেষজ্ঞৰ সহায়ত ছটা দল সমবেত হ’ব। এতিয়া পাহাৰৰ ওপৰ আৰু কাষৰ পৰা ড্ৰিলিং কৰি সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ চেষ্টা কৰা হৈছে। উলম্ব ড্ৰিলিঙৰ বাবে চাৰিটা স্থান চিনাক্ত কৰা হৈছে, তাত উপনীত হ’বলৈ ট্ৰেক নিৰ্মাণৰ কাম সীমান্ত পথ সংস্থা (BRO)ৰ ওপৰত ন্যস্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি , সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকে সুৰংগটোত আৱদ্ধ হোৱাৰ দিনৰ পৰা ভালদৰে টোপনি যাব পৰা নাই ৷ কেৱল এয়াই নহয়, খাদ্যৰ অভাৱৰ বাবে শ্ৰমিকসকলৰ মূৰৰ বিষ, পেটৰ বিষ আৰু কোষ্ঠ-কাঠিন্যৰ দৰে সমস্যাও আৰম্ভ হৈছে ৷একে সময়তে, বিগত দিনসমূহত শ্ৰমিকসকলক বচাবলৈ ইন্দোৰৰ পৰা সহায় বিচৰা হৈছে ৷ অৱশ্যে, সেনাই সুৰংগটোত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে সম্পূৰ্ণ দায়িত্ব লৈছে ৷ জানিব পৰা মতে, সুৰংগটোত আৱদ্ধ শ্ৰমিকসকলৰ পৰিধান কৰিবলৈ কাপোৰৰ লগতে টোপনি যাবলৈ সুৰক্ষিত স্থানৰ অভাৱ হৈছে ৷

লগতে পঢ়ক : UP Bans Sale Of Halal Certified Products With Immediate Effect : উত্তৰ প্ৰদেশ চৰকাৰে নিষিদ্ধ কৰিছে হালাল মাংস