Local, Vocal, Global

First phase of Lok Sabha elections to begin tomorrow : প্ৰথম পৰ্যায়ৰ কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২০,৪৮,১৯৭ জন

নিউজ ডেস্ক,১৮ এপ্ৰিল : কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। শুকুৰবাৰে পুৱা ৭ বজাত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। জিলাই জিলাই তৎপৰ প্ৰশাসন ৷ ভোটগ্ৰহণ কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে প্ৰিজাইডিং, প’লিং বিষয়া সকল(First phase of Lok Sabha elections to begin tomorrow)।প্ৰথম পৰ্যায় নিৰ্বাচন অনুষ্ঠিত হ’ব ডিব্ৰুগড়, কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, যোৰহাট সমষ্টিত। ৰাজ্যৰ ৫ সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব ৩৫ গৰাকীৰ প্ৰাৰ্থীৰ।

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰথম পৰ্যায়ৰ কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২০,৪৮,১৯৭ জন। পুৰুষ ভোটাৰ ১০,২৪,০৬১ জন আৰু মহিলা ভোটাৰ ১০,২৪,১০৩ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৩৩ গৰাকী। ৮৫ বৰ্ষৰ উৰ্ধৰ ভোটাৰ সংখ্যা ৯,৪৯২ জন। বিশেষভাৱে সক্ষম ভোটাৰৰ সংখ্যা ১৩,৯১৮ জন। কাজিৰঙা লোকসভা সমষ্টিত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ ২৩৫৭ টা।

উল্লেখ্য যে,কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰ ২২৭৮৮৭ গৰাকী। ইয়াৰ ভিতৰত ১১৪১৬২ গৰাকী পুৰুষ ভোটাৰ, ১১৩৭১৭ গৰাকী মহিলা ভোটাৰ আৰু ৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। বিধানসভা সমষ্টিটোত মুঠ ৭ গৰাকী জ’নেল অফিচাৰ,২২ গৰাকী চেক্টৰ অফিচাৰ আৰু ১০১৬ গৰাকী চৰকাৰী বিষয়া কৰ্মচাৰীক ভোটগ্ৰহণ প্ৰক্ৰিয়াত জৰিত কৰা হৈছে।

লগতে পঢ়ক : Section 144 imposed in Sonitpur : লোকসভাৰ সাধাৰণ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ স্বাৰ্থত শোণিতপুৰত জাৰি ১৪৪ ধাৰা