দেৱালীত নিষিদ্ধ ফটকাৰ বিক্ৰী, ক’ত ক’ত ?
পোহৰৰ উৎসৱ দেৱালী সমাগত৷ কিন্তু দেৱালীত দেশত ব্যাপক হাৰত ফটকা আৰু আতচবাজীৰ ব্যৱহাৰে বায়ু প্ৰদুষণ বৃদ্ধি কৰে। আনহাতে সম্প্ৰতি দেশজুৰি ক’ভিড ১৯ৰ সংহাৰ৷ প্ৰত্যেক ৰাজ্যত লাখৰ হাৰত ক’ভিড আক্ৰান্ত লোক৷ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও ক’ভিডৰ দ্বিতীয় তৰংগৰ শংকাত ভূগিছে দেশবাসী। এনে পৰিস্থিতিত সমাগত দেৱালীত ফটকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে একাধিক ৰাজ্যই। শেহতীয়াকৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে ক’ৰনাত আক্ৰান্ত আৰু সর্বসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষাৰ স্বার্থত ৰাজ্যখনত ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।
ফটকা আৰু আতচবাজীৰ বিষাক্ত ধোঁৱাই জনস্বাস্থ্যৰ প্ৰতি ভাবুকি নমাই অনাৰ আশংকাত ৰাজস্থান চৰকাৰৰ এই কঠোৰ সিদ্ধান্ত । ক’ভিড ১৯ত আক্ৰান্ত ৰোগী আৰু হৃদৰোগীসকলৰ ক্ষেত্ৰত ফটকাৰ ধোঁৱা অধিক বিপদজনক । সেয়েহে সকলোকে দেৱালীত ফটকা আৰু আতচবাজী ব্যৱহাৰৰ পৰা বিৰত থকাৰ আহ্বান ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ । একেদৰে দিল্লী চৰকাৰেও দেৱালীত ফটকা বিক্ৰীত বিশেষ বাধা নিষেধ আৰোপ কৰিছে। ইতিমধ্যেই দিল্লীত বায়ু প্ৰদুষণে ভয়াবহৰূপ ধাৰণ কৰাক লৈ ৰাজ্যখনত কেৱল ‘সেউজ’ ফটকা আৰু আতচবাজীহে বিক্ৰী আৰু ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰা হৈছে।অসমত দেৱালীত ফটকা আৰু আতচবাজীৰ ক্ষেত্ৰত কি হ’ব সেই সন্দর্ভত এই পর্যন্ত চৰকাৰে কোনো সিদ্ধান্ত প্ৰকাশ কৰা নাই যদিও সচেতন মহলে ফটকাৰ ব্যৱহাৰ হ্ৰাস আৰু নিয়ন্ত্ৰীত কৰাৰ সপক্ষে মত প্ৰকাশ কৰিছে।