Local, Vocal, Global

নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল কোটি টকাৰ সম্পত্তি

নিউজ ডেস্ক,২৭ মাৰ্চঃ নগাঁও চহৰত ভয়ংকৰ অগ্নিকাণ্ড। মাজনিশা নগাঁও অসামৰিক চিকিৎসালয়ৰ সমীপৰ মণিৰাম দেৱান পথত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

অসামৰিক চিকিৎসালয়খনৰ ক’ভিড ৱাৰ্ডৰ সন্মুখত থকা প্ৰায় ৮খনকৈ ব্যৱসায় প্ৰতিষ্ঠানত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত এখন চেলুন, ঘৰুৱা আচবাব বিক্ৰী কৰা এখন দোকান আদিৰ বিস্তৰ ক্ষতি হয়। লগতে কম্পিউটাৰ বিক্ৰী প্ৰতিষ্ঠান, কেইবাখনো পাণ-তামোলৰ দোকান, হোটেল আদি অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হয়।

এই অগ্নিকাণ্ডত তৌফিক আহমেদ নামৰ লোকজনৰ বাসগৃহটো বিস্তৰ ক্ষতিসাধন হয়। পাঁচখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু স্থানীয় লোকসকলৰ সহযোগত প্ৰায় দুঘণ্টা ধৰি চেষ্টা চলোৱাৰ পিছত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, বৈদ্যুতিক বিজুতিৰ বাবেই এই বিধ্বংসী অগ্মিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত কোটি টকাৰ সম্পত্তি ক্ষতি হোৱা বুলি সন্দেহ কৰা হৈছে।