Fire Breaks out in a Moving Car: দাও দাও কৈ জ্বলি উঠিল চলন্ত বাহন

নিউজ ডেস্ক,১৯জানুৱাৰী : চলন্ত বাহনত অগ্নিকাণ্ড । শনিবাৰে প্ৰায় ১২ বজাত গোগামুখ-ঘিলামৰা ২২নং ৰাজ্যিক ঘাই পথেৰে গৈ থকা অৱস্থাত সংঘটিত হয় এক ভয়ংকৰ কাণ্ডৰ ঘটনা ।
চলন্ত বাহনত দাও দাও কৈ জ্বলি উঠিল বাহন ।ফলত গাড়ীখন ভস্মীভূত হয় যদিও গাড়ীখনত থকা একমাত্ৰ চালক গৰাকীযে প্ৰাণ বচাই ৰাজপথৰ দাঁতিলৈ জাঁপ মাৰে ।
ঘটনা সংঘটিত হোৱা বাহনখনৰ নম্বৰ হৈছে এ এছ০১-এফ এন-৪৯০৮(Fire Breaks out in a Moving Car) ।
এই ভয়ংকৰ ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘিলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত প্ৰভাৰীৰ নেতৃত্বত এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু অগ্নিনিৰ্বাপক বাহিনীৰ জৰিয়তে জুই নিৰ্বাপন কৰে।
ঘটনাস্থলীত মহকুমা আৰক্ষী বিষয়া লিংটো বৰা ,ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্রিয়ব্ৰত গগৈ ঘটনাস্থলীত উপস্থিত হৈ ভস্মীভূত বাহনখন থানালৈ জব্দ কৰি নিয়ে ।
লগতে পঢ়ক :পত্নী প্ৰেমেই কাল হ’ল ছাদেক আলীৰ বাবে