Bihar Tragedy: গংগাত ভয়ংকৰ নাওঁ দুৰ্ঘটনা;নিহত ৩জন,নিৰুদ্দেশ ১৭গৰাকী

নিউজ ডেস্ক,১৯জানুৱাৰী : গংগাত ভয়ংকৰ নাওঁ দুৰ্ঘটনা । দেওবাৰে পুৱাৰ ভাগত বিহাৰৰ কাটিহাৰৰ গংগাত শোকাৱহ নাওঁ দুৰ্ঘটনা সংঘটিত হয় । এই নাওঁ দুৰ্ঘটনাৰ ফলত ৩গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ১৭গৰাকী লোকৰ সন্ধান হোৱা খবৰ পোৱা গৈছে(Bihar Tragedy)।
জানিব পৰা মতে,এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ৪গৰাকী লোকে সাতুৰি নিজৰ প্ৰাণ বচাবলৈ সক্ষম হয়।
গংগা নদীত হোৱা এই দুৰ্ঘটনাৰ পাছতে উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । বৰ্তমানেও উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। কিন্তু গংগাৰ প্ৰৱল সোঁতৰ বাবে উদ্ধাৰ অভিযানত কিছু বাধাৰ সৃষ্টি হৈছে। এছ ডি আৰ এফ আৰু আৰক্ষীয়ে যুটীয়াভাৱে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান(3 dead, 17 missing as boat capsizes in Ganga)।
ইফালে প্ৰশাসনে সদৰি কৰা অনুসৰি দুৰ্ঘটনাত মৃত্যু হোৱা ৩গৰাকীৰ ভিতৰত দুগৰাকী বয়োজ্যেষ্ঠ আৰু এটি এবছৰীয়া শিশুও আছে। দুৰ্ঘটনাৰ মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
লগতে পঢ়ক :Fire Breaks out in a Moving Car: দাও দাও কৈ জ্বলি উঠিল চলন্ত বাহন