Local, Vocal, Global

Fire breaks out at Lahore airport : লাহোৰৰ আল্লামা ইকবাল আন্তৰ্জাতিক বিমান বন্দৰত ভয়ংকৰ অগ্নিকাণ্ড; হজযাত্ৰীকে ধৰি ভিন্ন দেশৰ যাত্ৰীসকলৰ মাজত হাহাকাৰ

নেশ্যনেল ডেস্ক, ৯মে’ : আন্তৰ্জাতিক বিমান বন্দৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো(Fire breaks out at Lahore airport) ।

বৃহস্পতিবাৰে পুৱা প্ৰায় ৫মান বজাত লাহোৰৰ আল্লামা ইকবাল আন্তৰ্জাতিক বিমান বন্দৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

জানিব পৰা মতে, শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো। এই অগ্নিকাণ্ড প্ৰথমে বিমান বন্দৰটোৰ ইমিগ্ৰেচন কাউণ্টাৰৰ চিলিংত জুই লাগে তাৰ পিছতে বিধ্বংসী জুইৰ শিখাই কাউণ্টাৰটোৰ আশে-পাশে চানি ধৰি বিভীষিকাৰ সৃষ্টি কৰে । এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছত বিমানবন্দৰটোত থকা হজযাত্ৰীকে ধৰি ভিন্ন দেশৰ যাত্ৰীসকলৰ মাজত হাহাকৰময় পৰিস্থিতিৰ সৃষ্টি হয়(Fire breaks out at Lahore airport, Hajj flights, immigration affected) ।

ইফালে এই ভয়ংকৰ অগ্নিকাম্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীক ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় । আৰক্ষীয় আৰু অগ্নিনিৰ্বাপক বাহিনীৰ ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপনৰ চেষ্টাৰ চলাই(Fire breaks out at Lahore airport, several international flights delayed)।

খবৰ অনুসৰি বৰ্তমানলৈ উক্ত ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও বিমানযাত্ৰা কিছুসময়ৰ বাবে বাতিল কৰিছে।

লগতে পঢ়ক : Son Beats Father in Guwahati : কুলাংগাৰ পুত্ৰৰ আক্ৰমণ বৃদ্ধ পিতৃক; ঘৰৰ পৰা চোচৰাই পথলৈ উলিয়াই আনি গুৰুলা গুৰুলকৈ প্ৰহাৰ বৃদ্ধ পিতৃক