Local, Vocal, Global

Son Beats Father in Guwahati : কুলাংগাৰ পুত্ৰৰ আক্ৰমণ বৃদ্ধ পিতৃক; ঘৰৰ পৰা চোচৰাই পথলৈ উলিয়াই আনি গুৰুলা গুৰুলকৈ প্ৰহাৰ বৃদ্ধ পিতৃক

নিউজ ডেস্ক,৯মে’ : কুলাংগাৰ পুত্ৰই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে বৃদ্ধ পিতৃক ।হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । ৰাজ্যত দিনক দিনক দিনে বৃদ্ধি পাইছে অপৰাধৰ ঘটনা ।

এইবাৰ পাষাণ পুত্ৰই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে বৃদ্ধ পিতৃক। এক চাঞ্চল্যকৰ ঘটনাই কঁপাই গ’ল মহানগৰী । নিজ পিতৃক প্ৰহাৰ কৰিবলৈও হাত নকপিলে এজন পুত্ৰৰ( Son Brutally Killed Mother) ।

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা। কুলাংগাৰ পুত্ৰৰ আক্ৰমণ বৃদ্ধ পিতৃক। সুৰাৰ ৰাগিত মাতল কুলংগাৰ পুত্ৰই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে বৃদ্ধ পিতৃক। চানমাৰী থানাৰ অন্তৰ্গত জ্যোতিনগৰৰ সংঘটিত হৈছে মানৱতা জোকাৰি যোৱা এই চাঞ্চল্যকৰ ঘটনা(Son Beats Father in Guwahati)।

জানিব পৰা মতে,জ্যোতিনগৰৰ আকাশী পথৰ বাসিন্দা প্ৰবাল দাসে প্ৰায়ে অত্যধিক সুৰাপান কৰি ঘৰলৈ আহে। বুধবাৰেও অত্যাধিক সুৰা পান ঘৰলৈ আহিছিল পাষাণ পুত্ৰ প্ৰবাল দাস। সাধাৰণ কথাত সুৰাপায়ী প্ৰবাল দাসে পিতৃ প্ৰভাত দাসক ঘৰৰ পৰা চোচৰাই পথলৈ উলিয়াই আনি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। ঘটনাটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজ ঘটনাস্থলীত সমবেত হয়। কিন্তু তাৰ পিছতে সুৰাপায়ী কুলাংকাৰ পুত্ৰই পিতৃক ৰাজপথত এৰি পলায়ন কৰে।

পিছত স্থানীয় ৰাইজে পুত্ৰৰ প্ৰহাৰত আহত হোৱা বৃদ্ধজনক উদ্ধাৰ কৰি নিজৰ ঘৰলৈ লৈ যায়। ইতিমধ্যে কুলাংকাৰ পুত্ৰ প্ৰবাল দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক : Assam HS Results 2024 : কলা, বিজ্ঞান, বাণিজ্য শাখাৰ কোন বিভাগৰ উৰ্ত্তীণ হাৰ কিমান ?