Local, Vocal, Global

কোনে গৌৰী খানৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ?

ডিজিটেল ডেস্ক:- বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পত্নী গৌৰী খানৰ বিৰুদ্ধে ৰুজু FIR।কিন্তু কোনে ৰুজু কৰিলে গোচৰ?জানিব পৰা মতে গৌৰী খানৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪০৯ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।তুলছিয়ানি কনষ্ট্ৰাকছন কোম্পেনীৰ বিৰুদ্ধে অভিযোগ কৰে মুম্বাইৰ এজন যুৱকে।

জানিব পৰা মতে,বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পত্নী গৌৰী খানৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে মুম্বাইৰ বাসিন্দ যশৱন্ত শ্বাহে ।যশৱন্ত শ্বাহে অভিযোগ কৰা অনুসৰি কোম্পানীটোৱে ৮৫ লাখ টকা লোৱাৰ পিছতে ফ্লেট চমজাই দিয়াত ব্যৰ্থ হৈছে।যিটো কোম্পানীৰ ব্ৰেণ্ড এম্বেচাদৰ আছিল গৌৰী খান ।

উল্লেখ্য যে, লক্ষ্ণৌৰ সুশান্ত গলফ চিটিৰ তুলসিয়ানী গলফ ভিউত অৱস্থিত ফ্লেটটো ক্ৰয় কৰিছিল তেওঁ কিন্তু আন কাৰোবাক দি দিয়া হৈছিল ফ্লেটটো ।গৌৰী খানৰ উপৰিও তুলসিয়ানী কনষ্ট্ৰাকচন এণ্ড ডেভেলপমেন্ট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক অনিল কুমাৰ তুলসিয়ানী আৰু ইয়াৰ সঞ্চালক মহেশ তুলসিয়ানীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।

জানিব পৰা মতে, কোম্পানীটোৰ ব্ৰেণ্ড এম্বেচাদৰ গৌৰী খান থকাৰ বাবে ফ্লেটটো ক্ৰয় কৰিছিল অভিযোগকাৰীয়ে।