অমিতাভ বচ্চনৰ বিৰুদ্ধে এজাহাৰ দাখিল
হিন্দু ধৰ্মীয় আৱেগত আঘাত হনাৰ অভিযোগত বিগ বি অমিতাভ বচ্চনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। টেলিভিছনৰ জনপ্ৰিয় কুইজ শ্ব’ কৌন বনেগা ক্ৰৌড়পতিৰ পৰিচালক অমিতাভ আৰু প্ৰযোজকৰ বিৰুদ্ধে অভিযোগ দাখিল।
কৌন বনেগা ক্ৰৌড়পতিৰ কৰ্মবীৰ শিৰোনামৰ এটা খণ্ডত মনুস্মৃতিৰ প্ৰসংগত অমিতাভ বচ্চনে সোধা এটা প্ৰশ্নক লৈ একাংশ হিন্দুত্ববাদীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে অমিতাভ বচ্চনক। ৰাজহুৱা কৰ্মী বেজৱাড়া উইলচন আৰু অভিনেতা অনুপ ছনী সেইটো খণ্ডৰ অতিথি আছিল। ৬ লাখ ৪০ হাজাৰ টকাৰ পুৰস্কাৰৰ বাবে অমিতাভ বচ্চনে সোধা প্ৰশ্নটো আছিল- ‘১৯২৭ চনৰ ২৫ ডিচেম্বৰত ড০ বি আৰ আম্বেদকাৰ আৰু তেওঁৰ অনুগামীসকলে কোনখন প্ৰাচীন গ্ৰন্থৰ প্ৰতিলিপি দাহ কৰিছিল।’ প্ৰশ্নটোৰ বিকল্পসমূহ আছিল- ক) বিষ্ণু পুৰাণ খ) ভগৱত গীতা গ) ঋগবেদ আৰু ঘ) মনুস্মৃতি। শুদ্ধ উত্তৰটো আছিল মনুস্মৃতি। উত্তৰটোৰ ব্যাখ্যা আগবঢ়াই অমিতাভ বচ্চনে কৈছিল যে ১৯২৭ চনত আম্বেদকাৰে প্ৰাচীন হিন্দু শাস্ত্ৰ মনুস্মৃতিক গৰিহণা দিছিল আৰু জাতি-ভেদ প্ৰথাৰ বিৰুদ্ধে প্ৰতিবাদেৰে মনুস্মৃতিৰ প্ৰতিলিপি দাহ কৰিছিল।
এই প্ৰশ্ন আৰু ব্যাখ্যাই হজম নহ’ল একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ। সেই বিশেষ প্ৰশ্নটোৰ ক্লিপ ভাইৰেল হোৱাৰ লগে লগে এচামে #BoycottKBC শীৰ্ষক প্ৰচাৰ আৰম্ভ কৰে। একাংশ হিন্দুত্ববাদী ব্যক্তিয়ে অভিযোগ কৰে যে কুইজ শ্ব’টোত বাঁওপন্থী প্ৰপাগাণ্ডা চলোৱা হৈছে। বিপৰীতে আন একাংশই হিন্দুৰ ধৰ্মীয় আৱেগত আঘাত হনাৰ অভিযোগ তোলে। এই প্ৰসংগতে লক্ষ্ণৌত অমিতাভ বচ্চন আৰু কৌন বনেগা ক্ৰৌড়পতিৰ প্ৰযোজকৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ।