Local, Vocal, Global

FIDE RATING to 8 players of Genius Chess Academy : বিশ্ব দবা ফেডাৰেচনে জিনিয়াছ চেছ একাডেমীৰ আঠজন খেলুৱৈক প্ৰদান কৰিলে FIDE ৰেটিং

নিউজ ডেস্ক,১আগষ্ট : আজি প্ৰকাশ পালে জিনিয়াছ দবা একাডেমীৰ আঠজন খেলুৱৈৰ নাম। ২০২৪ চনৰ ১ আগষ্টত প্ৰকাশ পোৱা শেহতীয়া ৰেটিং তালিকাত বিশ্ব দবা ফেডাৰেচনে জিনিয়াছ চেছ একাডেমীৰ আঠজন খেলুৱৈক FIDE ৰেটিং প্ৰদান কৰিলে(FIDE RATING to 8 players of Genius Chess Academy)।

FIDE ৰেটিং প্ৰদান কৰা খেলুৱৈ কেইগৰাকী হ’ল …

১. অৰ্ণব তালুকদাৰ (১৪৫৯)
২. ঈশা কাশ্যপ (১৪৫২)
৩. নীবিৰ মালাকাৰ (১৪৪৪)
৪.প্ৰচুৰ্জ্য চাংমাই (১৪৩৭)
৫.চন্দ্ৰমৌলি শৰ্মাহ (১৪২৮)
৬.বৰ্ণিল বৈশ্য (১৪৩২)
৭.আয়ুষ কলিতা (১৪১০)
৮.জিশা জৈন (১৪০৬)

খেলুৱৈ সকলক তেওঁলোকৰ প্ৰদৰ্শনৰ ভিত্তিতে FIDE ৰেটিং প্ৰদান কৰে ।

উল্লেখ্য যে, গুৱাহাটীত ২০২৪ চনৰ ২ তাৰিখৰ পৰা ৭ জুলাইলৈ অনুষ্ঠিত হয় গুৱাহাটী স্মাৰ্ট চিটি আন্তঃৰাষ্ট্ৰীয় মুকলি FIDE ৰেটিং দবা প্ৰতিযোগিতা। আনহাতে ২০২৪ চনৰ ৯ জুলাইৰ পৰা ১৪ জুলাইলৈ গুৱাহাটীত অনুষ্ঠিত হয় ৬ষ্ঠ আয়োধানা আন্তঃৰাষ্ট্ৰীয় FIDE ৰেটিং দবা প্ৰতিযোগিতা । এই প্ৰতিযোগিতাত অংশগ্ৰহন কৰা সকলো খেলুৱৈয়ে ভেটাপাৰাস্থিত জিনিয়াছ চেছ একাডেমীত প্ৰশিক্ষণপ্ৰাপ্ত।

জিনিয়াছ চেছ একাডেমীয়ে তেওঁলোকৰ এই কৃতিত্বৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

লগতে পঢ়ক :Liquor seized in Fakirganj : ফকিৰগঞ্জত জব্দ বুজন পৰিমাণৰ বিলাতী সুৰা