Local, Vocal, Global

Father sexually abusing his son: পুত্ৰক যৌন নিৰ্যাতন চলোৱা পিতৃক দোষী সাব্যস্ত

নেশ্যনেল ডেস্ক, ২৩জুন : এক জঘন্য ঘটনা। পিতৃয়ে যৌন নিৰ্যাতন চলালে পুত্ৰক। ৮বছৰীয়া পুত্ৰক যৌন নিৰ্যাতন চলাই ৯০ বছৰৰ কাৰাদণ্ডলৈ যায় পিতৃ । শুনিবলৈ আচৰিত যেন লাগিলে এয়া এক সত্য় ঘটনা। নিতৌ দেশত সংঘটিত হয় এটাৰ পিছত আন এটা জঘন্য ঘটনা। দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে এনে ঘটনা সমূহে।

এইবাৰ কেৰালাত সংঘটিত হৈছে আন এক জঘন্য় ঘটনা। ২০১৮ চনৰ কেৰালাৰ পাইয়ানুৰ থানা এলেকাত সংঘটিত হৈছিল যৌন নিৰ্যাতনৰ ঘটনা।

প্ৰাপ্ত তথ্য অনুসৰি, ৮বছৰীয়া পুত্ৰক পিতৃয়ে কেইবাবৰো যৌন নিৰ্যাতন চলাইছিল(44 year old father sexually abusing his minor son )। ৮ বছৰীয়া পুত্ৰক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত কেৰালাৰ আদালতে ৯০ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহে লগতে ১.২৫ লাখ টকাৰ জৰিমনা বিহা হৈছে। আঠ বছৰীয়া পুত্ৰক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত তালিপাৰম্বাৰ ফাষ্ট ট্ৰেক আদালতে কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

বিশেষ আদালতৰ ন্যায়াধীশ ৰাজেশ আৰ য়ে ৪৪ বছৰীয়া পিতৃক আইপিচিৰ এটা ধাৰা আৰু যৌন অপৰাধৰ বিৰুদ্ধে শিশু সুৰক্ষা (পিঅ’চিএছঅ’)ৰ চাৰিটা ধাৰাত কেইবাবাৰো নিজৰ নাবালক পুত্ৰক যৌন নিৰ্যাতনৰ কৰাৰ দোষী সাব্যস্ত কৰে। বৃহস্পতিবাৰে তেওঁক ১.২৫ লাখ টকাৰ জৰিমনা বিহে।

পুত্ৰই এজাহাৰখনত উল্লেখ কৰা অনুসৰি পায়ন্নুৰ উপ-পৰিদৰ্শক কে পি শ্বাইনে এজাহাৰৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে । ইয়াৰ পিছতে পায়ন্নুৰ আৰক্ষী পৰিদৰ্শক কে বিনোদ কুমাৰে তদন্ত কৰি প্ৰতিবেদন দাখিল কৰে ।

লগতে পঢ়ক : PM Modi White House Dinner : মোডীৰ সৈতে নৈশভোজত আম্বানীৰ পৰা পিচাইলৈ অতিথিৰ দীঘলীয়া তালিকা