Watch | Father breathed his last on the day of his beloved daughter’s wedding: মৰমৰ কণ্যা বিয়া দিনটোতেই পিতৃয়ে ত্যাগ কৰিলে শেষ নিশ্বাস
ডিব্ৰুগড়: চাবুৱাৰ মৰিছা গাঁৱত এক কৰুণ ঘটনাই জোকাৰি গৈছে সমগ্ৰ চাবুৱা অঞ্চল । মৰমৰ কণ্যা বিয়া দিনটোতেই পিতৃৰে ত্যাগ কৰিলে শেষ নিশ্বাস । চাবুৱাৰ মৰিছা গাঁৱৰ তপন দাসৰ কন্যা হিমাশ্ৰী দাসৰ আজি বিবাহৰ দিন ।
ঘৰ খনত পুৱা পৰাই চলিছিল অতিথিক আদৰিবলৈ সকলো যাৰ যোগা । নিশালৈ ঘৰখন কণ্যাক বিদায় দিবলৈ সাজু হৈছিল সকলো । বিবাহৰ উদুলি মুদুলি অৱস্থাত বাধ্যক্যজনিত কাৰণত ঘৰতে ঢলি পৰে কণ্যা পিতৃৰ। লগে ঘৰ খনত হুৱাদুৱা লাগে, ততালিকে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ,তাৰ পাছত ঘৰখনলৈ খৱৰ আহে পিতৃৰ মৃত্যু । এফালে নিজ কন্যাক বিদায় আনফালে পিতৃৰ শেষ নিশ্বাস ত্যাগ অঞ্চলটোত শোকাৱহ পৰিবেশ সৃষ্টিৰ কৰিছে । লগতেই বিয়া ঘৰত আনন্দ পৰিবেশ সলনি সৃষ্টিৰ হল শোকাকুল পৰিবেশ।