Local, Vocal, Global

কাছাৰৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেক্স ১৯ জুলাই : ৰাজ্য়ত সঘনাই সংঘটিত হৈ আছে পথ দুৰ্ঘটনা।মঙলবাৰে পুৱা অসমৰ কাছাৰ জিলাৰ কাটিগোৰা অঞ্চলৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত কমেও ১০ জন লোক আহত হয়।

এখন যাত্ৰীবাহী Maxximo ভানে হঠাতে নিয়ন্ত্ৰণ হেৰুৱায় তীব্ৰ গতিত পথৰ কাষৰ গছৰ সৈতে খুন্দা মাৰে, যাৰ ফলত ভানখনত থকা যাত্ৰীসকল গুৰুতৰ ভাবে আহত হয়।

উল্লেখ্য় যে, বাহনখন মেঘালয়ৰ পৰা শিলচৰৰ অভিমূখে আহি থকা সময়তেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসাৰ বাবে প্ৰথম ৰেফাৰেল ইউনিট (FRU) চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইয়াৰ পূৰ্বেও এই Mahindra Maxximo বাহনখন দুৰ্ঘটনাত পতিত হৈছিল। ওদালগুৰি জিলাৰ ভৈৰাবকুণ্ডা অঞ্চলৰ ওচৰত খাৱৈত পৰি যোৱাৰ ফলত ১৫ জন লোক গুৰুতৰভাৱে আহত হৈছিল।