শিৱসাগৰ জিলাৰ আমগুৰিৰ হালোৱাটিঙত ভয়ংকৰ পথ দুৰ্ঘটনা…
ডিজিটেল ডেস্ক:- শিৱসাগৰ জিলাৰ আমগুৰিৰ হালোৱাটিঙত ভয়ংকৰ পথ দুৰ্ঘটনা।মঙ্গলবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনাটো।দুৰ্ঘটনা নিহত হয় এগৰাকী মহিলা।বালিভৰ্তি এখন ডাম্পাৰে স্কুটী আৰোহীক মহটিয়াই নিয়ে ফলত মৃত্যু হয় স্কুটী আৰোহীজনৰ।নিহত মহিলা গৰাকীক সংগীতা গায়ন বুলি জানিব পৰা গৈছে।উল্লেখ্য যে হালেৱাটিং কাড়টোৱাত AS-04-AC-8428 নম্বৰৰ স্কুটীৰে মাতৃ-পুত্ৰ ঘৰলৈ গৈ থকা অৱস্থাত সন্মুখৰ পৰা অহা AS-04-AC-8428 নম্বৰৰ বালিভৰ্তি ডাম্পৰখনে মহতিয়াই লৈ যায়।ঘটনাটোত স্কুটী আৰোহীজন গুৰুতৰ ভাৱে আহত হয় আৰু সংকটজনক অৱস্থাত শিৱসাগৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মহিলাগৰাকীক মৃত্যু হয়।নিহত মহিলাগৰাকীৰ ঘৰ মানতিৰ গায়ন গাঁৱৰ বুলি জানিব পৰা গৈছে।আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়ে ডাম্পৰৰ চালক জনে পলায়ন কৰে।ঘটনাসন্দৰ্ভত আৰক্ষীয়ে ডাম্পৰখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।