Local, Vocal, Global

বলেৰে নোৱাৰি ছলেৰে ভংগ কৰিব বিচাৰিছে নেকি কৃষক আন্দোলন?

‘কা’ আন্দোলনৰ দৰেই ৰাজপথৰ পৰাই আৰম্ভ হৈছিল কৃষক আন্দোলনো। কা আন্দোলনৰ দৰেই সম্পূর্ণ শান্তিপূর্ণভাৱেই। কোনেও ভবা নাছিল এই শান্তিপূর্ণ আন্দোলনটোৱে কেতিয়াবা হিংসাত্মক ৰূপ ল’ব। কিন্তু আশংকা আছিল যদিহে তৃতীয় পক্ষ সোমায়, তেন্তে শান্তিপূর্ণ আন্দোলনটো হিংসাত্মক হৈ উঠিব পাৰে। প্ৰথম অৱস্থাৰ পৰাই একাংশই শান্তিপূর্ণ কৃষক আন্দোলনত খালিস্থানী সমর্থন থকাৰ অভিযাগ উত্থাপন কৰিছিল। কিন্তু একাংশৰ বিভিন্ন অভিযোগক দূৰতে বিদুৰ কৰি কৃষকসকলে শান্তিপূর্ণভাৱেই নিজৰ স্থিতিত অটল থাকি বহু সদস্যক হেৰুৱায়ো প্ৰচণ্ড শীতকো নেওচি ৰাজপথৰ ওপৰতেই কঁপি কঁপি এটা দাবীতেই অলৰ-অচৰ হৈ বহি পৰিছিল। আলোচনাও বহুলানি হৈছে কিন্তু সকলো আলোচনাই বিফল হৈছিল। প্ৰত্যেক দিনাই ৰাজধানী দিল্লীলৈ ঢাপলি মেলিছিল বিভিন্ন ৰাজ্যৰ লাখ লাখ কৃষক। মোদী চৰকাৰৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয় দিয়া কৃষকে এটা কথা প্ৰতিষ্ঠা কৰিছিল কৃষি আইনৰ বিৰুদ্ধে এয়া সময়ৰ আহ্বান। কিন্তু সেই আহ্বানক যিকোনো প্ৰকাৰে ব্যর্থ কৰিবলৈ এটাৰ পিছত এটাকৈ চেষ্টা অব্যাহত ৰাখিছিল চৰকাৰে। তাৰ মাজতেই ২৬ জানুৱাৰীৰ ট্ৰেক্টৰ ৰেলী, আগবাঢ়িল কৃষক। আৰক্ষীয়ে বাধা দিওঁতেই আৰক্ষীৰ ওপৰত জঁপিয়াই পৰিল একাংশ। প্ৰতিবাদকাৰীৰ হাতত দেখিবলৈ পোৱা গ’ল লাঠী-তৰোৱাল। আহত হ’ল বহু আৰক্ষী আৰু প্ৰতিবাদকাৰীও। এটা সময়ত আৰক্ষীৰ বেহু ফালি একাংশ প্ৰতিবাদকাৰী উঠিলগৈ লালকিল্লাত। লালকিল্লাত থকা খুঁটাত আঁৰি দিলে নিচান চাহিব। লগে লগে দেশজুৰি চর্চা। সকলোৱে গৰিহণা দিলে গণতন্ত্ৰ দিৱসৰ দিনটোত হোৱা এই ঘটনা। কৃষকসকলৰ অভিযোগ এই ঘটনাত জড়িত তৃতীয় পক্ষ। আনফালে একাংশৰ অভিযোগ খালিস্থানী সমর্থকে সংঘটিত কৰিলে এই ঘটনা। আচৰিত ধৰণেৰে একাংশ সংবাদ মাধ্যমে প্ৰচাৰ চলালে যে লালকিল্লাত ত্ৰিৰংগাক আঁতৰাই খালিস্থানী সমর্থকে উত্তোলন কৰিলে নিচান চাহিব। কিন্তু দৃশ্যটো ভালদৰে চালেই স্পষ্ট হৈ পৰে যে প্ৰতিবাদকাৰীয়ে লালকিল্লাত থকা এটা খালী খুঁটাতহে আঁৰি দিছিল নিচান চাহিব। সেয়া যি কি নহওক গণতন্ত্ৰ দিৱসৰ দিনটোতেই বিশ্বৰ বৃহৎ গণতান্ত্ৰিক দেশখনত সংঘটিত হোৱা এই ঘটনা দুর্ভাগ্যজনক আৰু গৰিহণাজনক। কিন্তু গণতন্ত্ৰ দিৱসৰ দিনটোত সংঘটিত হোৱা এই ঘটনাটোৱে বহুকেইটা প্ৰশ্ন উত্থাপন কৰিলে-

১. শান্তিপূর্ণ কৃষক বিদ্ৰোহ হঠাৎ কিয় ইমান উগ্ৰ হ’ল?

২. সন্ধিৰ বাঁহ বুদ্ধিৰে ফালিব নেকি চৰকাৰে?

৩. কা আন্দোলনৰ দশাই হ’ব নেকি কৃষক আন্দোলনৰ?