Local, Vocal, Global

Farmers busy in sivsagar paddy fields:আঘোণতে লুকাই আছে চহা কৃষকৰ সপোন;আঘোণ মাহ বুলিলেই ব্যস্ততাৰ অন্ত নাই চহা কৃষকৰ

গেলেকী,২৮নৱেম্বৰ : আঘোণ মানেই সোণোৱালী ধান ৷ আঘোণ মানেই সোণোৱালী পথাৰ ৷ আঘোণৰ ছন্দত নাচে চহা কৃষকৰ মনপ্ৰাণ ৷ এতিয়া আঘোণৰ বতৰ । পুৱাৰ কুঁৱলী আৰু সন্ধিয়াৰ নিয়ৰে আৱৰি ধৰিছে আঘোণৰ পথাৰ । হেঁপাহৰ সোণগুটি বোটলাৰ বতৰ এয়া । এই আঘোণৰ মাজতে লুকাই আছে চহা কৃষকৰ সপোন(Farmers busy in sivsagar paddy fields)।

আঘোণ মাহ বুলিলেই ব্যস্ততাৰ অন্ত নাই চহা কৃষকৰ ৷ দাৱনীৰ পৰা ডাঙৰি উঠোৱা মানুহজনলৈকে কাৰোৰেই যেন আহৰি নাই ৷ সকলো ব্যস্ত ৷ শাওনৰ প্ৰখৰ ৰ’দত বহু কষ্টৰে হাল-কোৰ মাৰি হেপাঁহৰ খেতিডৰা এই আঘোণতে চপাই আনে চহা কৃষকে । হেঁপাহৰ সোণগুটি ঘৰৰ ভঁড়াললৈ অনা হয় এই বতৰতে । আঘোণে মতলীয়া কৰে সোণোৱালী পথাৰৰ লগতে দাৱনীকো ।

কি উজনি, কি নামনি ৷ আঘোণৰ পথাৰত ব্যস্ত কণমানি শিশুৰ পৰা বৃদ্ধলৈকে । এই আঘোণতেই এতিয়া শিৱসাগৰ হাঁহচৰা জাঠিপতীয়া গাঁৱৰ বিহুতলি পথাৰত ব্যস্ততাৰ যেন অন্ত নাই দাৱনী আৰু চহা কৃষকৰ। পথাৰৰ শালি, লাহি, ধানে ৰিঙিয়াই মাতিছে জাক-জাক দাৱনীক । বতাহত হালি জালি আছে হেঁপাহৰ লখিমীৰ থোক । ন-ধান চোতালত পেলায় মৰণা মাৰিবলৈ সাজু অসমীয়া ডেকা ৷

শিৱসাগৰ হাঁহচৰা জাঠিপতীয়া গাঁৱৰ বিহুতলি পথাৰৰ দৃশ্য এয়া। দাৱনী সকলে অতি ব্যস্ততাৰ মাজতো এফাকি গীত গাই আনন্দ উল্লাখৰ মাজেৰে পাৰ কৰিছে সময়।

লগতে পঢ়ক :Mushalpur Protest :বাক্সাৰ মুছলপুৰত জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য গঠনৰ দাবীত আক্ৰাছুৰ উত্তাল প্ৰতিবাদ