Mushalpur Protest :বাক্সাৰ মুছলপুৰত জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য গঠনৰ দাবীত আক্ৰাছুৰ উত্তাল প্ৰতিবাদ
মুছলপুৰ,২৮নৱেম্বৰ : বাক্সাৰ মুছলপুৰত জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য গঠনৰ দাবীত আক্ৰাছুৰ উত্তাল প্ৰতিবাদ।ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা বাইক ৰেলী,পথ অৱৰোধ, অসম বন্ধৰ দৰে কাৰ্যসূচী লোৱাৰ হুংকাৰ(Mushalpur Protest)।
আলফা স্বাধীনৰ প্ৰতিবাদ দিৱসৰ দিনটোতে প্ৰতিবাদ মুখৰ হৈ পৰিল বাক্সাৰ সদৰ মুছলপুৰ। বাক্সা জিলা আক্ৰাছুৰ কেবা শতাধিক আক্ৰাছু নেতা-কৰ্মীয়ে হাতে-হাতে প্লে কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । মুছলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগনত বাক্সা জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু মহিলা সমিতিৰ উদ্যোগত অনুস্থিত প্ৰতিবাদী কাৰ্যসুচীৰ জৰিয়তে জনগোষ্ঠীটোক জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য গঠনৰ দাবী উত্থাপন কৰে।
কোচ-ৰাজবংশী সকলৰ দীৰ্ঘদিনীয়া জনজাতিকৰণ সমস্যাটো আগন্তুক ছমাহৰ ভিতৰত সমাধান নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ দিয়ে। প্ৰতিবাদস্থলীৰ পৰাই তেওঁলোকৰ সমস্যা সমাধান নকৰিলে সংগঠনটোৱে অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত শদিয়াৰ পৰা ধুবুৰীলৈ বাইক-ৰেলী, শীতকালীন অধিবেশনত দিছপুৰত ধৰ্না, বক্সিৰহাটত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, ৰেলপথ অৱৰোধ আৰু অসম বন্ধৰ দৰে কাৰ্যসূচী ল’ব বুলি হুংকাৰ দিয়ে আক্ৰাছুৰ কেন্দ্ৰীয় সম্পাদক কপিল দেৱ সিংহই।
লগতে পঢ়ক: Wild elephant menace: শোণিতপুৰত বনৰীয়া হাতীৰ তাণ্ডৱ