Watch | Farewell reception for the Deputy Commissioner of Morigaon district Devashish Sharma : মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাক বিদায়ী সম্বৰ্ধনা
মৈৰাবাৰী: বিগত তিনিটা বছৰ মৰিগাঁও জিলাৰ আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি ইতিমধ্যে নগাঁৱলৈ বদলি হোৱা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক বিদায়ী সম্বৰ্ধনা। বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ বিভিন্ন দল সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠান, চৰচাপৰি বাসীৰ লগতে মৈৰাবাৰী প্ৰেছ ক্লাৱে আয়ুক্ত গৰাকীক বিদায়ী সম্বৰ্ধনা জনায়। প্ৰায় তিনি শতাধিক লোকে একেলগে সম্বৰ্ধনা জনায়।
“মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে, ভাবিব কোনেনো কোৱা” সূধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ এই গীত ফাঁকিকে জীৱনৰ মুলমন্ত্ৰ হিচাপে লৈ দেৱাশীষ শৰ্মা নিজকে ৰাইজৰ সেৱাত আত্মনিয়োগ কৰি লাভ কৰে অনাবিল তৃপ্তি। বিভিন্ন সময়ত সাধাৰণ লোকৰ বিপদত থিয় দিয়াৰ লগতে বিভিন্ন সময়ত ব্যতিক্ৰমী কৰ্মৰে প্ৰায়েই চৰ্চাত থকা মৰিগাঁৱৰ আয়ুক্ত দেৱাশীষ শৰ্মা। এক আবেগিক পৰিৱেশেত আয়ুক্ত দেৱাশীষ শৰ্মা বিদায়ী সম্বৰ্ধনা জ্ঞাপন কৰে।