Local, Vocal, Global

Fire Accident in Falaknuma Express : চলন্ত ফলকনুমা এক্সপ্ৰেক্সত সংঘটিত অগ্নিকাণ্ডত জ্বলি নিঃশেষ হ’ল চাৰিটাকৈ ডবা

চলন্ত ফলকনুমা এক্সপ্ৰেক্সত সংঘটিত অগ্নিকাণ্ডত জ্বলি নিঃশেষ হ’ল চাৰিটাকৈ ডবা

নেশ্যনেল ডেস্ক, ৭জুলাই : টেলেংগানাৰ যাদদ্ৰী ভুৱনাগিৰি জিলাত সংঘটিত হৈছে এক ভয়াৱহ ৰেল দুৰ্ঘটনা । হাওড়াৰ পৰা ছিকেণ্ডৰাবাদলৈ গৈ থকা অৱস্থাত ফালাকনুমা এক্সপ্ৰেছত হোৱা শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ড (Falaknuma Express train catches fire)। যাত্ৰীবাহী ৰেলখনৰ দুটা ডবাৰ পৰা ঘন ধোঁৱা ওলাই থকা প্ৰত্যক্ষ কৰি ৰেলখনত থকা কৰ্মচাৰীসকলে পাইলটক এই কথা অৱগত কৰে। ইয়াৰ পিছতে পাগিদিপল্লী-বোম্মাইপল্লীত ৰেলখন ৰখাই দিয়া হয় । ৰেলখন ৰখোৱাৰ পাছতে আতংকিত যাত্ৰীসকলে কোনোমতে নিজৰ প্ৰাণ বচাই ৰেলখনৰ পৰা নামি গৈ দূৰত অৱস্থান কৰে(Fire Accident in Falaknuma Express) ।

ইফালে জুই ক্ৰমান্বয়ে বৃদ্ধি হৈ ৬টা ডবালৈ বিয়পি পৰে । শেহতীয়াকৈ পোৱা তথ্য অনুসৰি জুইয়ে ইতিমধ্যে ৰেলখনৰ ৪ টাকৈ ডবা সম্পূৰ্ণৰূপে ভষ্মীভূত কৰিছে । ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় ৰেলৱেৰ বিষয়া কৰ্মচাৰীসকলে আৰু ডবাৰ মাজৰ লিংক পৃথক কৰি দিয়ে ।

ইফালে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সেই দুৰ্ঘটনাগ্ৰস্ত স্থানলৈ যাবলৈ কোনো ব্যৱস্থা নথকাৰ বাবে অগ্নিকাণ্ডত পতিত ৰেলখনৰ ডবাসমূহৰ পৰা জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই । ইতিমধ্যে স্থানীয় আৰক্ষী আৰু আৰ ডি অ’ৰ লোক সেই স্থানত উপস্থিত হৈছেগৈ। আনহাতে, ৰে’লৱেৰ মহা প্ৰবন্ধক অৰুণ কুমাৰ জৈন ঘটনাস্থলীলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে ।

আনহাতে, এই ভয়াৱহ ঘটনাটোৰ পৰা কোনোমতে ৰক্ষা পৰে যাত্ৰীসকল । ইতিমধ্যেই যাত্ৰীসকলৰ ডবাত থকা সকলো বস্তু অগ্নিকাণ্ডত জাহ যায় ।

ৰেলখনৰ যাত্ৰীসকলৰ মাজৰ এগৰাকী যুৱতীয়ে কান্দি কান্দি কয় যে, চাকৰিৰ বাবে হায়দৰাবাদলৈ গৈ থকা অৱস্থাত চলন্ত ৰেলখনত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত তেওঁৰ আটাইবোৰ চাৰ্টিফিকেটকে ধৰি লগত লৈ যোৱা সকলো সামগ্ৰী জ্বলি চাই হৈ গৈছে।

লগতে পঢ়ক : Woman Shot Dead In Manipur : স্কুলৰ সন্মুখত দুৰ্বৃত্তৰ গুলীচালনা