Local, Vocal, Global

সোণৰ মূৰ্তি কিনিবলৈ কলকাতাৰ পৰা আহিল বৃদ্ধ দম্পতি

কনটেইনমেন্ট জ’ন লখিমপুৰত সোণৰ মূৰ্তি কিনিবলৈ কলকাতাৰ পৰা আহিল বৃদ্ধ দম্পতি। লখিমপুৰৰ বঙালমৰাৰ ৰাজপথত নকল সোণৰ যীচুৰ মূৰ্তি সহ আটক কলকাতাৰ বৃদ্ধ দম্পতি আৰু বিক্ৰী কৰিবলৈ অহা আন এগৰাকী মহিলা। ধৃত কলকাতাৰ ২৪ পৰগনা জিলাৰ নিলীমা চক্ৰৱৰ্তী (৬১), গোপাল চক্ৰৱৰ্তী (৭১) আৰু বঙালমৰাৰ সোনাপুৰৰ নাচিমা বেগম। ধৃত নাচিমা বেগমক সোনাপুৰৰ হাসেন আলিৰ পুত্ৰ হুমায়ুনে যীচুৰ মূৰ্তিটো দি কলকাতাৰ লোক দুজনৰ হাতত তুলি দিবলৈ দিছিল।

বঙালমৰাত একাংশ লোকৰ সন্দেহ ওপজাত তিনিওকে সোধাপোচা কৰাত উদ্ধাৰ হয় নকল সোণৰ মূৰ্তিটো। কলকাতাৰ বৃদ্ধ দম্পতি হালে আঢ়ৈ লাখ টকাত নকল সোনৰ মূৰ্তিটোক প্ৰকৃত সোণৰ মূৰ্তি বুলি ক্ৰয় কৰি নিবলৈ চেষ্টা কৰিছিল। আৰক্ষীয়ে ধৃত লোক কেইজনক সোধাপোচা অব্যাহত ৰাখিছে।

কভিডৰ সংহাৰৰ সময়তে চৌদিশে আৰক্ষীৰ নিশ্ছিদ্ৰ তালাচীৰ মাজতে কনটেইনমেন্ট জ’ন লখিমপুৰলৈ কেনেকৈ আহিল কলকাতাৰ দম্পত্তি তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। যোৱা কিছুদিন ধৰি লখিমপুৰৰ বঙালমৰাত আৰক্ষী আৰু স্থানীয় লোকৰ তৎপৰতাত নকল সোণৰ বেহা সমুলাঞ্চে উৎখাত হৈছিল যদিও পুনৰ একাংশ কুখ্যাত লোকে লক ডাউনৰ মাজতে আৰম্ভ কৰিছে নকল সোণৰ ৰমৰমীয়া বেহা