Local, Vocal, Global

Fake Teacher: হাজোত জালত পৰিল ৫ ভুৱা টেট শিক্ষক, আটকাধীন আটাইকেইগৰাকী শিক্ষকক সোধা–পোছা অব্যাহত

0 11

ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে হাজোত আৰক্ষীৰ অভিযান। এই অভিযানত এই পৰ্যন্ত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৫ গৰাকীকৈ ভুৱা টেট শিক্ষকক। হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান।

বক্ৰ পথেৰে হাইস্কুলৰ টেট শিক্ষকৰ নিযুক্তি লাভ কৰা হাজোৰ ১নং ভেলকৰ আৰু বঙালপাৰা অঞ্চলৰ পৰা এই ৫ গৰাকী ভুৱা টেট শিক্ষকক আটক কৰিছে আৰক্ষীয়ে। আটকাধীন শিক্ষক দিলদাৰ হুছেইন, মুক্তাৰ আলী আৰু আক্কাছ আলী, আজমূল হক আৰু নাজামুদ্দিন আহমেদ।

আটকাধীন আটাইকেইগৰাকী শিক্ষকক সোধা–পোছা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.