Local, Vocal, Global

ৰঙিয়া আৰক্ষীৰ সাফল্যত জব্দ নকল সোণৰ বিস্কুট

নিউজ ডেস্ক,৬ মে:-ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই নকল সোণৰ বিস্কুট জব্দ কৰাৰ লগতে এজন যুৱকক আটক কৰে। আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা যুৱকজন তেজপুৰৰ আব্দুল কাদিৰ বুলি জানিব পৰা গৈছে ।

ঘটনা সম্পৰ্কত ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই ৰঙিয়াৰ উদিয়ানাৰ পৰা নকল সোনৰ বিস্কুট সহ যুৱক জনক আটক কৰে।

নকল সোণৰ ব্যৱসায়ৰ লগত জড়িত ৰঙিয়া উদিয়ানাৰ এটা চক্ৰই ধৃত আব্দুল কাদিৰৰ জৰিয়তে ৰঙিয়ালৈ আনিছিল নকল সোণৰ বিস্কুট কেইখন ।

কাদিৰে বিস্কুট কেইখন উদিয়ানাৰ চক্ৰটোৰ হাতত বিক্ৰীৰ বাবে গতাই দিয়াৰ পিচত চক্ৰটোৱে গ্ৰাহকৰ সন্ধানত নামি পৰে ।

মাটি খান্দোতে সোণৰ বিস্কুট উদ্ধাৰ হোৱা বুলি কৈ চক্ৰটোৱে সোণৰ বিস্কুট বিক্ৰীৰ বাবে এনেদৰে গ্ৰাহকৰ সন্ধানত থাকোতে ঘটনা সন্ধৰ্ভত আৰক্ষীয়ে অবগত হয় ।

লগে লগে ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে অভিযান চলাই ৯৯৭ গ্ৰামৰ চাৰিখন সোনৰ বিস্কুট উদ্ধাৰ কৰাৰ লগতে ব্যৱসায়ী আব্দুল কাদিৰক আটক কৰিবলৈ সক্ষম হয় ।

ঘটনাৰ লগত জড়িত ৰঙিয়া উদিয়ানাৰ নকল সোণৰ বিস্কুটৰ চক্ৰটোক আটক কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।