Local, Vocal, Global

Explosion takes place in firecracker factor : আতচবাজী কাৰখানাত বিস্ফোৰণ; মহিলাসহ নিহত ৯গৰাকীকৈ লোক

নেশ্যনেল ডেস্ক,১৭ ফেব্ৰুৱাৰী : ভয়ংকৰ বিস্ফোৰণৰ ঘটনা । আতচবাজী কাৰখানাত বিস্ফোৰণ, মহিলাসহ নিহত ৯গৰাকীকৈ লোক,আহত ৬ গৰাকীকৈ লোক(9 killed in blast at Tamil Nadu firecracker unit, several injured) ।

তামিলনাডুৰ বিৰুধুনগৰত জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । বিৰুধুনগৰ জিলাৰ ভেম্বকোট্টাইৰ সমীপৰ ৰামু দেৱানাপট্টিৰ এটা ব্যক্তিগত আতচবাজী কাৰখানাত হঠাতে বিস্ফোৰণ হয় । বিস্ফোৰণটো ইমান শক্তিশালী আছিল যে কাৰখানাৰ পকী দেৱালবোৰ খহি পৰে আৰু নিমিষতে জুই বিয়পি পৰে। লগে লগে ঘটনাস্থলীত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।

এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থনীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান চলাই । আহতসকলক ততাতৈয়াকৈ শিৱকাশী চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে(9 Killed After Explosion In Firecracker Factory In Tamil Nadu’s Virudhunagar, Inquiry Ordered) ।

জানিব পৰা মতে, এই দুৰ্ঘটনাটোত মহিলাসহ ৯ গৰাকী লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত ৬ গৰাকীকৈ লোক ।

ইফালে বিস্ফোৰণটোৰ পিচতে কাৰখানাটোত সুৰক্ষা ব্যৱস্থা সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে । অৱশ্যে এই ব্যক্তিগত আতচবাজী কাৰখানাত কি কাৰণত বিস্ফোৰণ হ’ল সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই( Explosion takes place in firecracker factory) ।

লগতে পঢ়ক : S Jaishankar, Canadian counterpart Melanie Joly hold talks amid strained bilateral ties : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ কানাডাৰ মন্ত্ৰী মেলানিয়া জলীৰ সৈতে বৈঠকত